গুৱাহাটী, ২৯ এপ্ৰিলঃ যোৱানিশা হোৱা প্ৰচণ্ড ধুমুহা-বতাহে গুৱাহাটীত বিভিন্ন অঞ্চলৰ লগতে সোণাইঘূলি অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে৷ ধুমুহাত সমগ্ৰ অঞ্চলটোৰ ঘৰ-দুৱাৰ, গছ-গছনিৰ ধ্বংস হয়৷ বতাহত অঞ্চলটোৰ অসম ৰাজ্যিক বিদুৎ পৰিষদৰ খুটা উভালি পৰে৷ ফলত আজি দুপৰীয়া পৰ্যন্ত সোণাইঘূলিত বিদুৎ সেৱা বিচ্ছিন্ন হৈ থাকে৷ গছ-গছনি ভাঙি পথৰ ওপৰত পৰাত সমগ্ৰ অঞ্চলটোত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে৷ ধুমুহাত সোণাইঘূলিৰ নবীন নগৰ পুঁৱতি দেউৰীৰ বাসগৃহ, দেউৰী জাতীয় মঞ্চৰ পকা(ৰান্ধনি)ঘৰৰ লগতে ৭৫ টা বাসগৃহৰ ব্যাপক ক্ষতিগ্ৰস্ত হয়৷ আজি বিয়লি পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধি তথা প্ৰশাসনৰ লোক গৈ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ বুজ নোলোৱাত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে৷ স্থানীয় লোকে শীঘ্ৰে প্ৰশাসনীয় লোকক অঞ্চলটোৰ গছসমূহ আঁতৰাই যাতায়ত ব্যৱস্থা সুচল কৰাৰ লগতে বিদ্যুতৰ সংযোগ দি ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে৷