পলাশবাৰী, সংবাদ ৩৬৫, ২৮ মে’ : দক্ষিণ কামৰূপৰ পলাশবাৰী কুলসী নদীত অঘটন । লগৰীয়াৰ সৈতে গা ধুবলৈ গৈ কুলসী নদীৰ বুকুত সন্ধাহীন হল এজন যুৱক । যোৱাকালি দুপৰীয়া সংঘটিত হয় এই ঘটনা । সন্ধাহীন যুৱকজনৰ নাম হিতেন বেজবৰুৱা ।

গুৱাহাটী ৰূপনগৰৰ বাসিন্দা আছিল সন্ধানহীন যুৱকজন । এখন বিয়া খাবলৈ আহিছিল হিতেন বেজবৰুৱাই । কুলসী নৈত এন ডি আৰ এফ আৰু এছ ডি আৰ এফয়ে অভিযান চলাই আজি উদ্ধাৰ কৰে যুৱজনৰ মৃতদেহটো । ঘটনাস্থলিত উপস্থিত হয় পলাশবাৰী আৰক্ষী ।