গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুন : ভ্ৰমণ বিলাসীসকলৰ বাবে আৰ টি চিয়ে দিব এক ব্যতিক্ৰমী অভিজ্ঞতা । যাৰ সহযোগত অকলশৰীয়া যাত্ৰী , পৰিয়াল, বন্ধুবৰ্গ আদিয়ে লব পাৰিব এক অনন্য অভিজ্ঞতা । ৰ’ডট্ৰিপছকো চমুকৈ আৰ টি চি গুৱাহাটীৰ মাজত বহুল চৰ্চিত হৈছে যাত্ৰীৰ মাজত । বৰ্তমান আৰ টি চি আছে গুৱাহাটী,মুম্বাই, দিল্লী, বাংগালুৰ, কলকাতা, চেন্নাই আদিকে ধৰি মুঠ ১৯ খন চহৰত ।

আৰ টি চি আৰম্ভ কৰা হৈছিল এক ধাৰণাৰ সৈতে যি ধাৰণা মানুহক ক্ষমতাসম্পন্ন কৰিবলৈ নতুন ঠাই , নতুন মানুহ আৰু নতুন অভিজ্ঞতা আৱিষ্কাৰ কৰা ।

আৰ টি চিৰ গুৱাহাটী শাখাৰ নেতৃত্ব প্ৰদান কৰে কৌশিক দাসে যি কেন্দ্ৰীয় দলৰ সৈতে সমন্বয়ত থাকে যাতে সকলো যাত্ৰা সুকলমে হয় ।

ৰাষ্ট্ৰীয় উদ্যান যেনে নামেৰী, ওৰাংৰ সংগীত উৎসৱ এন এইচ ৭ ৱিকেণ্ডাৰ আৰু জিৰ’লৈকে, আৰ টি য়ে যাত্ৰা কৰিছে ।