কলগাছিয়া, সংবাদ ৩৬৫, ২৬ আগষ্ট : কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত আমগুৰি গাওঁৰ আব্দুল মোতালেব নামৰ এজন শিক্ষিত নিবনুৱাই দহ বিঘা মালভোগ কলৰ খেতি কৰিছিল । গছত কল ধৰাৰ সময়ত বানপানীয়ে খেতি ডৰা সম্পূৰ্ণ ৰূপে বিনষ্ট কৰাৰ ফলত মূৰে কপালে হাত দিব লগা হৈছে খেতিয়কে।

উল্লেখযোগ্য যে, একমাত্ৰ কৃষিৰ ওপৰত জীৱিকা নিৰ্বাহ কৰা আব্দুল মোতালেবে মহাজনৰ পৰা ঋণ লৈ মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে দহ বিঘা মালভোগ কলৰ খেতি কৰিছিল যদিও হৈ যোৱা বানপানীৰ ফলত খেতি সমূহ বিনষ্ট হোৱাত মূৰত ৰাম টাঙোন পৰিছে খেতিয়ক জনৰ। মহাজনৰ ঋণ পৰিশোধ কৰিবলৈ সমৰ্থ নাই তেওঁৰ।

ফলত হতাশাত ভাগি পৰি চৰকাৰৰ ওচৰত ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছে ভুক্তভোগী খেতিয়ক জনে। চৰকাৰে ক্ষতিপূৰণ নিদিলে পৰিয়াল সহকাৰে আত্মহত্যাৰ বাহিৰে কোনো বিকল্প পথ নাথাকিব খেতিয়ক গৰাকীৰ।