গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : অখিল গগৈৰ চানমাৰীস্থিত নিজৰাপাৰৰ বাসগৃহত নিয়াৰ প্ৰায় ৩ ঘণ্টাজোৰা অভিযান। অভিযানত জব্দ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল আৰু লেপটপ । অখিল গগৈয়ে লিখা কিতাপৰ এটা পাণ্ডুলিপিও লৈ যায় নিয়াই ।

জাপানৰ প্ৰধান মন্ত্ৰী অহাৰ আগমুহূৰ্তত এনে আন্দোলন কৰা ঠিক হোৱা নাই বুলি মন্তব্য নিয়াৰ।

কাজিৰঙাৰ অৰ্কিড উদ্যানৰ সন্দৰ্ভতো প্ৰশ্ন নিয়াৰ । অৰ্কিড উদ্যানৰ নথি-পত্ৰ লগত আছে নেকি সোধা এক প্ৰশ্নৰ উত্তৰত গগৈৰ পত্নীয়ে কয় যে অৰ্কিড উদ্যান ব্যক্তিগত সম্পত্তি নহয়। উদ্যানৰ নথি-পত্ৰ উদ্যানৰ কাৰ্য্যালয়ত থাকে ।

ইফালে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰটো অভিযান চলায় চি আই ডিয়ে। শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত অভিযান চলাই চি আই ডিয়ে।

পিছে অভিযানত বিশেষ একো উদ্ধাৰ কৰিব নোৱাৰিলে চি আই ডিয়ে । যাৰ বাবে চলিহাৰ মাতৃৰ মোবাইল ফোনকে জব্দ কৰি লৈ যায়।