গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ : কা’ বিৰোধী আন্দোলনত ভাগ লোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ দুদিনৰ বাবে চি আই ডিয়ে জিম্মাত লৈছে শৃংখল চলিহাক ।
বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ২৬ ডিচেম্বৰত হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। তাৰপাছত ২ দিনৰ বাবে চি আই ডিয়ে জিম্মাত লৈছিল। ইয়াৰ পাছতে পুনৰ চি আই ডিয়ে ২ দিনৰ বাবে নিজৰ জিম্মাত লয় শৃংখল চলিহাক।
উল্লেখ কৰিব পাৰি যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা ২৪ ডিচেম্বৰত “কা” বিৰোধী আন্দোলনত ভাষণ দি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।