নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ডিচেম্বৰ : প্ৰায় ২০ বছৰ ধৰি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ লগতে বিশেষকৈ সন্ত্ৰাসবাদ, অন্ধবিশ্বাস আৰু ডাইনী কাণ্ডৰ বিৰুদ্ধে যুঁজ দি আহিছে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই ।

সমাজসেৱা আৰু মানৱ অধিকাৰৰ হকে অসমৰ লগতে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তীছগড়কে আদি কৰি ভাৰতবৰ্ষৰ বহু কেইখন ৰাজ্যত সেৱা আগবঢ়াই অহাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে দিব্যজ্যোতি শইকীয়ালৈ আগবঢ়াইছে সন্মানীয় ডক্টৰেট ডিগ্ৰী।

উল্লেখ কৰিব পাৰি যে দিব্যজ্যোতি শইকীয়াৰ বলিষ্ঠ দাবীতেই অসমত ডাইনী নিৰ্যাতন বিৰোধী আইন প্ৰৱৰ্তন তথা বলবৎ হয়।

দিব্যজ্যোতি শইকীয়াই কেৱল এই সন্মান লাভ কৰে নহয় বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, ড ভূপেন হাজৰিকা শান্তি বঁটা, আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা আদিকে ধৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মানীয় ৪০ টাতকৈও অধিক বঁটা লাভ কৰিছে।

ডিগ্ৰী গ্ৰহণ কৰি ড: শইকীয়াই তেখেতৰ নিজৰ ভাষণত সকলো কৰ্মীকে শৃংখলাবদ্ধভাৱে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলৈ কয়।

কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে সমগ্ৰ বিশ্ব জুৰি এনেদৰে বিশেষ ক্ষেত্ৰৰ বিশেষ ব্যক্তিক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি আহিছে।