গুৱাহাটী, সংবাদ ৩৬৫, ৪ জানুৱাৰী : ৰাজ্যৰ চৌপাশে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে বিজেপিয়ে আইনখনৰ সমৰ্থনত মিছড কল সেৱা মুকলি কৰে।

শনিবাৰে ‘কা’ বিৰোধী আন্দোলনৰ বিৰুদ্ধে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰি ৬০ হাজাৰ লোকৰ সমাবেশেৰে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়তৰ খেলপথাৰত বুথ সভাপতি আৰু নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ সন্মিলন অনুষ্ঠিত কৰে।

এই সন্মিলনতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাষণ প্ৰদান কৰি বিজেপিৰ আগন্তুক নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে।

অনুষ্ঠানত ৰঞ্জিত দাসে কয় ‘”২০২১ চনৰ নিৰ্বাচনৰ কথা আগত ৰাখি ২০২০ চনৰ কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে “।

অহা ৭ জানুৱাৰিৰ পৰা বিজেপি কৰ্মীসকলে বুথে বুথে গৈ ‘কা’ৰ বাস্তৱ সত্য সম্পৰ্কে ৰাইজক অৱগত কৰি সম্পৰ্ক অভিযান আৰম্ভ কৰিব।

১২ জানুৱাৰিত বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্য্যকৰ্তা সকলে যুৱ সম্পৰ্ক অভিযানৰ অংশস্বৰূপে সকলো ৰাজনৈতিক, অৰাজনৈতিক দলৰ যুৱকক সাক্ষাৎ কৰিব।

২০-২৫ জানুৱাৰীলৈ বুথ পৰ্যায়ত পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পাছত ২৭-২৮ জানুৱাৰীত আইদেউ বুলনি কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব বুলিও দাসে জনায়।

তদুপৰি, ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে মণ্ডল ভিত্তিত বিজেপিয়ে কাৰ্যসূচী হাতত ল’ব।

‘‘কংগ্ৰেছৰ অস্তিত্ব জাগৰণ চল চাই কঠিয়া পৰাৰ দৰে। কংগ্ৰেছে এতিয়া কক বকাই আছে। ১৯৭১ চনৰ আগত অহা লাখ লাখ মানুহক নথি পত্ৰ নোহোৱাকৈ তেওঁলোকে স্বদেশী কৰিলে। কংগ্ৰেছক ধিক্কাৰ দিছোঁ, তেওঁলোক গণ শত্ৰু। যিসকল কংগ্ৰেছীয়ে চাবুৱাত বিধায়কৰ ঘৰ জ্বলাইছে, যি কংগ্ৰেছী কৰ্মীয়ে মহিলা বিজেপি কাৰ্যকৰ্তাক চুলিত ধৰি অত্যাচাৰ কৰিছিল সেই সকলে উপলব্ধি কৰি এই সভাত অংশগ্ৰহণ কৰিছে,’’ ৰঞ্জিত দাসে নিজৰ ভাষণত এইদৰে কয়।

ইফালে ‘কা’ৰ সমৰ্থনত ৮৮৬৬২৮৮৬৬২ নম্বৰত মিছডকল দিবৰ বাবে বিজেপিৰ কাৰ্য্যকৰ্তা সকলক বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আহ্বান জনায়।