ৰঙিয়া, ১৩ মে’ : ৰঙিয়াত ক্ৰমাগত ভাবে বদ্ধি পাব ধৰিছে ধন লুটৰ দৰে ঘটনা৷ ৰঙিয়া ষ্টেচনত সংঘটিত এক চাঞ্চল্যকৰ চুৰি ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ এইবাৰ দুৰ্বৃত্তৰ চিকাৰ হ’ল ৰেল যাত্ৰী৷ ৰঙিয়াৰ পৰা ৰেলযোগে বিহাৰৰ কিষাণগঞ্জলৈ যোৱা এহাল দম্পত্তিৰ পৰা দুৰ্বৃত্তই কৌশলেৰে ধন লুট কৰে৷  শ্ৰৱণ জৈন নামৰ যাত্ৰীজনৰ গাত বান্দৰ কেঁকোৱা ছটিয়াই দিয়ে । লগে লগে যাত্ৰীজনে গা খজুৱাবলৈ ধৰোতে দুৰ্বৃত্তই বেগটো কাঢ়ি লৈ উধাও হয় । সেই সময়ত কৰ্তব্যৰত ৰেল আৰক্ষীয়ে দুৰ্বৃত্তক ধৰিবলৈ তৎপৰতা দেখুওৱাৰ পৰিবৰ্তে মূক দৰ্শক হৈ নিধিৰাম চৰ্দাৰৰহে ভাও ধৰা পৰিলক্ষিত হয় । ঘটনা সন্দৰ্ভত ভুক্তভোগী যাত্ৰীগৰাকীৰ ভাতৃয়ে জিআৰপি থানাত এজাহাৰ দাখিল কৰে । উল্লেখ্য যে শুক্ৰবাৰে মটৰ চাইকেলত অহা ৫ জনীয়া দুৰ্বৃত্তৰ দল এটাই ৰঙিয়াৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা লক্ষাধিক টকা লুটি নিয়াৰ ২৪ ঘন্টা সম্পূৰ্ণ নৌহওঁতে পুণৰ শনিবাৰে ৰঙিয়া ৰেলৱে ষ্টেচনত ধন লুটৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । গুৰুত্বপূৰ্ণ এই ষ্টেচনত নাই CCTV CAMERA . ইয়াৰ উপৰিও বেগ আদি তালাচি চলোৱাৰ বাবে METAL DETECTOR নাই । নাই পৰ্যাপ্ত ৰেল আৰক্ষী । ৰেল বিভাগৰ এনেবোৰ আঁসোৱাহৰ বাবে যাত্ৰীয়ে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ।