কলগাছিয়া

১২ আগষ্ট

কলগাছিয়াৰ বিলৰটাৰী গাঁৱৰ ছোৰহাব আলীৰ ঘৰত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ছোৰহাব আলীৰ দুখনকৈ বাসগৃহ, ধানৰ, হাহঁ-কুকুৰা আৰু বহু মুল্যবান সামগ্ৰী ভষ্মীভূত হয়।

বৰপেটা জিলাৰ কলগাছিয়াৰ বিলৰটাৰী গাঁৱৰ ছোৰহাব আলী নামৰ এজন লোকৰ বাসগৃহত তিনিজন দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অগ্নিকাণ্ডৰ ফলত ছোৰহাব আলী নামৰ লোক জনৰ দুখনকৈ দুখনকৈ বাসগৃহ, ধানৰ, হাহঁ-কুকুৰা আৰু বহু মুল্যবান সামগ্ৰী ভষ্মীভূত হয়। ঘটনা সন্দৰ্ভত ছোৰহাব আলীয়ে কলগাছিয়া আৰক্ষী থানাত হালধীয়া গাঁৱৰ সহিদুল ইছলাম, লাচাংগা গাঁৱৰ ৰাজু আৰু মনাকোছা গাঁৱৰ জহিৰ উদ্দিন নামৰ তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ছোৰহাব আলীয়ে এজাহাৰত উল্লেখ কৰা মতে উক্ত তিনিজন লোকে নিশা তেওঁকে বাসগৃহত অগ্নি সংযোগ কৰিছিল।

উল্লেখ্য যে মঙলবাৰে সন্দিয়া ছোৰহাব আলীৰ দুই পুত্ৰৰ লগত অভিযুক্ত সহিদুল, ৰাজু, আৰু জহিৰ উদ্দিনৰ টকাৰ লেনদেনকলৈ কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তিনিওজনে ছোৰহাব আলীৰ বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।