কুন্দন ভৰালী

নগাঁও

১৩ আগষ্ট

নগাঁৱত ভয়াবহ ঘটনা। চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলাল কভিড আক্ৰান্ত। কভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাত চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলায়ন কভিড আক্ৰান্তৰ।

নগাঁৱত সংঘটিত হৈ এক ভয়াবহ ঘটনা। চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলাল কভিড পজিটিভ ৰূপে চিনাক্ত হোৱা এগৰাকী ব্যক্তি।নগাঁও চহৰৰ মাৰোৱাৰী হিন্দী হাইস্কুলৰ কভিড স্ক্ৰীণিং চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা। স্ক্ৰীণিং চেণ্টাৰটোত কভিড পজিটিভ ৰূপে চিনাক্ত হোৱা জিণা দাস নামৰ ব্যক্তি গৰাকীৰ লগত যোৱা ঋষিকেশ মহন্ত নামৰ ব্যক্তি গৰাকীয়ে কৰ্তব্যৰত চিকিৎসা কৰ্মী ৰণিত দাস আৰু খুৰশ্বিদ আলমক শাৰীৰিকভাৱে আক্ৰমণ কৰি স্ক্ৰীণিং চেণ্টাৰটোৰ পৰা পলায়ন কৰাৰ লগতে কভিড পজিটিভ জিণা দাসকো পলোৱাই লৈ যায়। কভিড পজিটিভ ৰূপে চিনাক্ত হোৱাৰ পিছতেই কমিউনিটি হেল্থ অফিচাৰ ৰণিত দাস আৰু লেব টেকনিচিয়ান খুৰশ্বিদ আলমক আক্ৰমণ কৰে ঋষিকেশ মহন্তই।

ইতিমধ্যে এই ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে নগঞা ৰাইজ। উল্লেখ্য যে , চিকিৎসা কৰ্মীক প্ৰহাৰ কৰি পলায়ন কৰা ঋষিকেশ মহন্তৰ ঘৰ নগাঁও চহৰৰ ঢাকাইপট্টিৰ মতিৰাম বৰা হাইস্কুলৰ সমীপত বুলি জানিব পৰা গৈছে।