কলগাছিয়া

১৪ আগষ্ট

কলগাছিয়া বজাৰৰ দৰ্জী পিয়াৰ আলীৰ পতাকাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু কলগাছিয়াবাসী। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ মাজতো কলগাছিয়াবাসীৰ বাবে স্বাধীনতা দিৱস উপলক্ষে পিয়াৰ আলীয়ে নিৰ্মাণ কৰিলে জাতীয় পতাকা।

শনিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক স্বাধীনতা দিৱস। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে দেশবাসীৰ লগতে ৰাজ্যবাসীও সম্পূৰ্ণ সাজু স্বাধীনতা দিৱসক লৈ। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাইজ প্ৰতি বছৰৰ দৰে এইবাৰো স্বাধীনতা দিৱস উদযাপন কৰিব দৰ্জী পিয়াৰ আলীয়ে নিৰ্মাণ কৰা পতাকাৰে।

বৰপেটা জিলাৰ কলগাছিয়া বজাৰৰ দৰ্জী পিয়াৰ আলীয়ে বিগত ২৬ বছৰ ধৰি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উপলক্ষে কলগাছিয়া বাবে নিৰ্মাণ কৰি আহিছে জাতীয় পতাকা। এইবেলিও কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো পিয়াৰ আলীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ নিৰ্মাণ কৰিছে জাতীয় পতাকা। স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন বাবে জাতীয় পতাকা নিৰ্মাণ কৰি গৌৰৱ অনুভৱ কৰে বাবেই বজাৰত সাধাৰণ দৰ্জীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা পিয়াৰ আলীয়ে নিজ হাততে কলগছিয়াবাসীৰ প্ৰতি বছৰে নিৰ্মাণ কৰে জাতীয় পতাকা।

১৯৯৪ চনৰ পিয়াৰ অলীয়ে প্ৰথম অৱস্থাত দুই-চাৰি খন জাতীয় পতাকা নিৰ্মাণ কৰিছিল কলগাছিয়াবাসীৰ বাবে। প্ৰথম অৱস্থাতে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পিয়াৰ আলীৰ বাবে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস আহিলেই জাতীয় পতাকা নিৰ্মাণ কৰাটো এক প্ৰকাৰ নিচাত পৰিণত হয়। ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীৰ কিছুদিন পূৰ্বৰে পৰা পিয়াৰ আলীৰ অন্যান্য চিলাইৰ কামৰ প্ৰতি আগ্ৰহ কমি আহে আৰু পিয়াৰ আলী ব্যস্ত হৈ পৰে জাতীয় পতাকা নিৰ্মাণত।

বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আদি অঞ্চলৰ ৰাইজ পিয়াৰ অলীয়ে নিৰ্মাণ কৰা জাতীয় পতাকাৰে বিগত প্ৰায় ২৬ বছৰ ধৰি উদযাপন কৰি আহিছে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। বিগত ২৬ বছৰ ধৰি পিয়াৰ আলীৰ জাতীয় পতাকা নিৰ্মাণৰ কৰ্মক ভূয়সী প্ৰশংসা কৰিছে কলগাছিয়াবাসী ৰাইজে।