গুৱাহাটী

১৪ আগষ্ট

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা “অৰুণোদয়” আঁচনি সম্পৰ্কে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা “অৰুণোদয়” আঁচনিখন সম্পূৰ্ণ আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ বনোৱা আঁচনি। মন্ত্ৰী গৰাকীয়ে নিজেই ১২ তাৰিখে প্ৰেছমেল যোগে কৰা ঘোষণাত ভোটাৰৰ কথা উল্লেখ কৰি কৈছিল কোনটো সমষ্টিত কিমান লাখ ভোটাৰ এই আঁচনিৰ দ্বাৰা লাভাৱান্বিত হ’ব! জনসাধাৰণৰ কথা উল্লেখ কৰা নাছিল মাত্ৰ এটা ভোটৰহে অংক কৰিছিল।

ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মাপকাঠি নিৰ্ণয় কৰিবলৈ ২০০৫ চনত ইউপিএ চৰকাৰে এখন কমিটি গঠন কৰি দিছিল, তেণ্ডুলকাৰ কমিটি আৰু ২০১২ চনত অন্য এখন কমিটি ৰঘুৰাজন কমিটি গঠন কৰিছিল। এই দুই খন কমিটিয়ে যিসমূহ তথ্য দিছিল, তাৰ ওপৰত ভিত্তি কৰিয়েই কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে এই দৰিদ্ৰ পৰিয়াল সমূহক প্ৰতি মাহে নূন্যতম ৬০০০ টকাকৈ আৰ্থিক অনুদান দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল লডাউনৰ সময়চোৱাত আৰু এইটো যোৱা লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ মুখ্য প্ৰতিশ্ৰুতি আছিল আৰু “ন্যায়” নামেৰে ইয়াৰ প্ৰচাৰ চলোৱা হৈছিল বুলি প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “অৰুণোদয়” নামেৰে ঘোষণা কৰা আঁচনি খনত উল্লেখ কৰিছে যে পৰিয়ালৰ মহিলা সদস্য গৰাকীৰ বেংক একাউণ্টত মাহিলী ৮৩০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব! প্ৰশ্ন হয় মাহিলী ৮৩০ টকা মানে দৈনিক ২৭ টকাকৈ পাব।

চৰকাৰৰ বজাৰৰ ওপৰত লেকাম নথকাৰ বাবে যি এক অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে তেনে ক্ষেত্ৰত এই ২৭ টকাৰে এটা পৰিয়ালে কি খাদ্য সামগ্ৰী কিনিব পাৰিব সেয়া ড° হিমন্ত বিশ্ব শৰ্মাহে জানিব! ঔষধ কিনিব পাৰিব নে খোৱা খাদ্য সামগ্ৰী কিনিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত দাবী জনায় যে অপৰিকল্পিত লকডাউনৰ ফলত ৰাজ্যৰ জনসাধাৰণৰ ইতিমধ্যে পানীত হাঁহ নচৰা অৱস্থা, তেনে ক্ষেত্ৰত চৰকাৰে ৰাহুল গান্ধীয়ে ঘোষণা কৰা “ন্যায়” আঁচনিৰ লগত সংগতি ৰাখি প্ৰতিটো হিতাধিকাৰী পৰিয়ালক নূন্যতম ৬০০০ টকাকৈ মাহিলী আৰ্থিক অনুদান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ উপৰিও মাত্ৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে নহয় নিম্ন মধ্যবিত্ত পৰিয়ালকো এই আচঁনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় বিৰোধী দলপতি গৰাকীয়ে।