গুৱাহাটী

১৫ আগষ্ট

সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জৰ্জ খেল পথাৰত সীমিত সংখ্যক লোকৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস। পুৱা ৯ বজাত জৰ্জ খেল পথাৰত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰি ৰাজ্যবাসীক ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত দেশৰ বাবে চৰম ত্যাগ কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু ৰাজ্যখনৰ শ্বহীদ পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী প্ৰমুখ্যে মুক্তিযোদ্ধা সকলৰ প্ৰতি গভীৰ প্ৰণিপাত জনায়। দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত হৈ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদ সকলকো মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰদ্ধাৰে সুঁৱৰে।

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাজ্যবাসীক উদ্দেশ্যে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে কেইবাটাও বিশেষ ঘোষণা কৰে :

১) আহু, শালি, বাও, বড়ো আদিকে ধৰি আমাৰ ৰাজ্যত বিভিন্ন প্ৰজাতিৰ ধান উৎপাদন হয়। ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাত ‘ ৰাইচ ক্লষ্টাৰ’ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে।

২) ৰাজ্যৰ অধিক সংখ্যক কৃষকে যাতে উৎপাদিত ধানৰ বিপৰীতে চৰকাৰৰ নূন্যতম সমৰ্থন মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলাসমূহত ধান ক্রয়ৰ বাবে কেন্দ্ৰ মুকলি কৰি ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব।

৩) পথাৰৰ ধান কৃষকৰ পৰা গ্ৰাহকৰ কাষলৈ লৈ যোৱাত সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে ২২০ টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য প্ৰদান কৰিব। এই কল সমূহ স্থাপনৰ বাবে ইচ্ছুক উদ্যোগী, সমবায় আৰু আত্মসহায়ক গোটত ৩০ শতাংশ ৰাজ সাহায্য আগবঢ়োৱা হ’ব।

৪) পথাৰ আৰু বজাৰৰ মাজত যোগাযোগ অধিক সুচল কৰিবলৈ ৰাজ্যৰ থলুৱা যুৱক আৰু আত্মসহায়ক গোটক ৰাজসাহায্যযুক্ত ১০০০ খন মিনি ট্ৰাক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

৫) ৰাজ্যক জৈৱিক হাব হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ৭৫ হাজাৰ বিঘা কৃষিভূমি চিনাক্ত কৰিছে।

৬) ৰাজ্যত এখন দুগ্ধ ফেডাৰেশ্যন গঢ়াৰ উদ্দেশ্যে জিলা দুগ্ধ সমবায়সমূহক শক্তিশালী ৰূপত গঢ় দিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লৈছে। অনাগত দিনত অসম চৰকাৰে ৰাজ্যৰ সকলো জিলাত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও, শোণিতপু আৰু বজালীত এই দুগ্ধ সংসাধন উদ্যোগ স্থাপন কৰা হ’ব।

৭) ৰাজ্যত শীতলীকাৰণ ভঁৰালৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলকৰ উৎপাদিত সমগ্রীৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ সম্ভৱ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে শীতলীকাৰণ ভঁৰাল স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে।

৮) ৰাজ্যত মাকৈৰ খেতি অধিক জনপ্ৰিয় কৰিবলৈ অসম চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শীঘ্ৰে এক নতুন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

৯) ৰাজ্য চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে প্ৰতিখন জিলাত পশুখাদ্য মিল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১০) চৰকাৰে হালধি আৰু আদাকে ধৰি আন মা-মছলাৰ কৃষি অধিক জনপ্ৰিয় কৰি তুলিবলৈ এক নতুন কাৰ্যসূচী ৰূপায়ন কৰাৰো সিদ্ধান্ত লৈছে।

১১) চৰকাৰে ৰাজ্যৰ সকলোবোৰ বিল-জলাশয় চিনাক্তকৰণ আৰু জৰীপ কৰি থলুৱা আত্মসহায়ক গোটক মৎস্য পালনৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।