গুৱাহাটী
১৫ আগষ্ট
স্বাধীনতা দিৱসত অসমৰ ড০ দিব্যজ্যোতি শইকীয়ালৈ “ষ্টাৰ ইণ্ডিপেণ্ডেণ্ট এৱাৰ্ড” আৰু ভাৰত গৌৰৱ সন্মান। ষ্টাৰ বুক অব ওৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা “ষ্টাৰ ইণ্ডিপেণ্ডেণ্ট এৱাৰ্ড ২০২০” ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱাৰ উপৰি “দ্যা মেইহৰ টাইমছ’ কাকত আৰু অক্সিটিয়ে ভাৰত গৌৰৱ সন্মান আগবঢ়াছে ড০ দিব্যজ্যোতি শইকীয়ালৈ।
অন্ধবিশ্বাস, ডাইনীকাণ্ড, সাম্প্ৰদায়িকতাৰ লগতে সমাজ বিৰোধী অপশক্তিৰ বিৰুদ্ধে আৰু শান্তি-সম্প্ৰীতিৰ লগতে প্ৰগতিৰ হকে দুটা দশক ধৰি নিৰবিছিন্ন ভাবে ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে স্বাধীনতা দিৱসৰ শুভক্ষণত মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ ষ্টাৰ বুক অব ওৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা “ষ্টাৰ ইণ্ডিপেণ্ডেণ্ট এৱাৰ্ড ২০২০” ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱাৰ উপৰি “দ্যা মেইহৰ টাইমছ’ কাকত আৰু অক্সিটিয়ে ভাৰত গৌৰৱ সন্মান আগবঢ়াছে। উল্লেখযোগ্য যে স্বাধীনতা দিৱস উপলক্ষে আগবঢ়োৱা এই দুয়োটা ৰাষ্ট্ৰীয় বঁটাৰ উপৰি মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ অলপতে ভাৰত চৰকাৰৰ উদ্যোগত ভূতপূৰ্ব উপ প্ৰধানমন্ত্ৰী বাবু জগজীৱনৰামৰ বাবু জাগজীৱনৰাম ফাউণ্ডেশ্যনে “বাবু জগজীৱনৰাম স্মৃতি সন্মান” আগবঢ়াছে। আনহাতে অসমৰ কেৱল যোগাত্মক বাতৰি প্ৰচাৰ কৰা এন ই ফ’কাচ ডট কমৰ চতুৰ্থ বৰ্ষপূতি উপলক্ষে ড০ দিব্যজ্যোতি শইকীয়াক “সফল ব্যক্তিত্বৰ সন্মান” প্ৰদান কৰা হয়।
দেশৰ ভিন্ন প্ৰান্তত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত সমাজ সেৱা আগবঢ়াই অহা ড০ শইকীয়াক ইতিমধ্যে দেশৰ ৫৯ টা অনুষ্ঠানে ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান প্ৰদান কৰাৰ উপৰি টিভি ভাৰতে শান্তি মানৱতা আৰু মানৱ অধিকাৰ তথা অন্ধবিশ্বাসৰ ওপৰত চলাই অহা সংগ্ৰামৰ বাবে তেওঁৰ কৰ্মৰাজিৰ ওপৰত এখন চুটি তথ্যচিত্ৰ নিৰ্মান কৰি ড০ শইকীয়াক স্বীকৃতি প্ৰদান কৰে।