আনোৱাৰ হুছেইন

গৰৈমাৰী

১৫ আগষ্ট

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জাতীয় পতাকাক চৰম অপমান৷ ছয়গাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা। মৌলনা আবুল কালাম আজাদ হাইস্কুলত জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে শনিবাৰে দেশবাসীয়ে উদযাপন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো সীমিত সংখ্যক লোকৰ অংশগ্ৰহণেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস। ৰাজ্যৰ সকলোবোৰ শিক্ষা অনুষ্ঠান, চৰকাৰী-বেচৰকাৰী কার্যলয়ত জাতীয় পতাকা উত্তোলন কৰাৰ সমান্তৰালে সৰ্বসাধাৰণ ৰাইজেও ঘৰে ঘৰে উৰুৱালে জাতীয় পতাকা। ইয়াৰ মাজতে বিভিন্ন ঠাইত স্বাধীনতা দিৱস উদযাপনৰ সময়ত দেখা গ’ল কিছুমান বিসংগতি। কামৰূপ জিলাৰ ছয়গাঁৱত জাতীয় পতাকা ওলোটাকৈ উৰাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ’ল। ছয়গাঁৱৰ মৌলনা আবুল কালাম আজাদ হাইস্কুলত জাতীয় পতাকা উলটাকৈ উৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক মইনুল হকে জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বুলি জানিবলৈ পোৱা গৈছে। বিদ্যালয়খত ছয়গাঁও আৰক্ষী উপস্থিত হৈ উলটাকৈ উৰি থকা পতাকাখনৰ ফটো সংগ্ৰহ কৰিছে৷

ঘটনাক কেন্দ্ৰ কৰি আমছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি ইমদাদ হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিদ্যালয়ৰখনত ওলোটাকৈ জাতীয় পতাকা উত্তোলন কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে জাতীয় পতাকাৰ অপমান কৰিছে। আমছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি ইমদাদ হুছেইনে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে।