মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
১৬ আগষ্ট
গোসাইগাঁৱৰ বান্টিঝোৰাত আদিবাসীৰ মত বিনিময় সভাত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মৰ আদিবাসীসহ ছয় জনগোষ্ঠীৰ জনজাতি কাৰণ আৰু বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য।
বঙাইগাঁও জিলাৰ গোসাইগাঁও মহকুমাৰ ৰায়মোনাৰ বান্টিঝোৰাত দেওবাৰে উত্তৰাঞ্চলত উত্তৰাঞ্চল আদিৱাসী সংগঠন সমুহৰ সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক মত বিনিময় সভা। আদিবাসী সংগঠন আছা, এছু এছ টি এফ, বি চি এফ, নাছলা, আকমা আৰু আনলাৰ যৌথ সমন্বয়ত গঠন হোৱা উক্ত সংগঠনৰ উদ্যোগত অনুষ্ঠিত মত বিনিময় সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে আদিবাসীসহ ছয় জনগোষ্ঠীৰ জনজাতি কাৰণৰ ক্ষেত্ৰত বিপিএফ দলে পূৰ্বৰ পৰাই সমৰ্থন জনাই আহিছে যদিও মাজতে ভুল ভ্ৰান্তি হৈছে যে চন্দন ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীয়ে জনজাতি কাৰণত বাধা প্ৰদান কৰি আহিছে৷ পূৰ্বৰ জনজাতি সকলক কোনো অধিকাৰ খৰ্ব নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতি কৰণত বিপিএফ দল সদায় সমৰ্থক। তদুপৰি বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত বিপিএফ দল সদায় প্ৰস্তুত বুলি উল্লেখ কৰি চন্দন ব্ৰহ্মই কয় বিপিএফ দলৰ চৰকাৰ গঠন হ’লে বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক মাটিৰপট্টা প্ৰদানত গুৰুত্ব প্ৰদান কৰা হ’ব। চন্দন ব্ৰহ্মই লগতে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু সাংসদ নৱ শৰনীয়াক তীব্ৰ সমালোচনা কৰে৷
আছাৰ কোকৰাঝাৰ জিলা সাংগাঠনিক সম্পাদক পল টুডুৱে পৰিচালনা কৰা সভাত উপস্থিত থাকি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্যদ্বয় মৃত্যুঞ্জয় নাৰ্জাৰী আৰু ৰেওৰেয়া নাৰ্জিনাৰীয়ে বিপিএফ দল সকলো জনগোষ্ঠীৰ দল হিচাপে আছে আৰু সকলৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে৷