বকো

১৬ আগষ্ট

কামৰূপ জিলাৰ বকো আৰক্ষীৰ বৃহৎ সাফল্য। তালাচি অভিযানত নিষিদ্ধ ড্ৰাগছসহ বকো আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী।

দেওবাৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপৰ্ণ বনীয়াই এক গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো আগছিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচি অভিযান চলাই
৩০০ বটল নিষিদ্ধ নিচাজাতীয় ‘চেফৰেক্স’ কাহৰ ঔষধসহ দুজন সৰবৰাহকাৰী যুৱকক আটক কৰে। সৰবৰাহকাৰী যুৱক দুজনে এএছ-০১-ডিপি-২৩৪৩ নম্বৰৰ মাৰুতি এল্ট’ কে বাহনেৰে নিষিদ্ধ ঔষধৰ বটল দুটা কাৰ্টুনত গুৱাহাটীৰ পৰা ছয়গাঁৱৰ চাম্পুপাৰা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচি অভিযানত ধৰা পৰে।

নিষিদ্ধ ঔষধৰ বটলসহ আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী যুৱক দুজন হৈছে তামুলদী গাঁৱৰ আলম উদ্দিন আৰু লাৰুৱাজানগাঁৱৰ মোচতাফা নুৰ আলম। বৰ্তমান বকো আৰক্ষীয়ে সৰবৰাহকাৰী যুৱক দুজনক নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।