শিবেন্দু বৰা

জুৰীয়া 

১৭ আগষ্ট

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন কৰ্মীক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ। ৰৌমাৰী বন শিবিৰৰ বন কৰ্মী ওচমান গণিক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ।
সংকটজনক অৱস্থাত বন কর্মী ওচমান গণিক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ।

নগাঁও জিলাৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰাং চিকাৰী আৰু মাছ মৰীয়াৰ দপদপনি। সোমবাৰে অভয়াৰণ্যখনৰ ৰৌমাৰী বন শিবিৰৰ বন কৰ্মী ওচমান গণিক দুজন চোৰাং মাছ মৰীয়াই আক্ৰমণ কৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে। জানিব পৰা মতে উচমান গণি নামৰ বন কর্মী জন কালিয়াডিংগা বজাৰৰ পৰা বজাৰ কৰি বন শিবিৰ লৈ গৈ থকা অৱস্থাত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত দুজন চোৰাং মাছ মৰীয়াৰ বন কর্মী জনক আক্ৰমন কৰে। চোৰাং মাছ মৰীয়াৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বন কৰ্মী ওচমান গণিৰ অৱস্থাত সংকট জনক বুলি জানিব পৰা গৈছে। বন কৰ্মীৰ ওপৰত চোৰাং মাছ মৰীয়াৰ আক্ৰমণৰ খবৰ পাই ঘটনাস্থলীত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ বন বিষয়া উপস্থিত হৈ আহত বন কৰ্মী উচমান গণিক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰন কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীয়ে ফান্দ পাতি বনৰীয়া ম’হ হত্যা কৰিছিল। পৰৱৰ্তী সময়ত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ বন বিষয়া আৰু বন কৰ্মীয়ে অভিযান চলাই বনৰীয়া ম’হ হত্যাৰ লগত জড়িত থকা আতাবুৰ ৰহমান নামৰ এজন চোৰাং চিকাৰীক আটক কৰিছিল।