গুৱাহাটী

১৭ আগষ্ট

‘কা”ৰ বিৰোধিতা কৰি ৰাজপথ কপালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। মহানগৰী গুৱাহাটীৰ নাৰেংগীৰ কলংপাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই।

সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে নাৰেংগীৰ কলংপাৰ বজাৰৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে ফ্লেগ, বেনাৰ-ফেষ্টোন আদি লৈ বিজেপি চৰকাৰ মূর্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ, অসম চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, আমাক “কা” নালাগে, ই আই এ বাতিল কৰক, কৃষক নেতা অখিল গগৈক মুক্তি দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ সদস্য সকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী সকলে চৰকাৰে তেওঁলোকৰ দাবী অতি শীঘ্ৰে পূৰণ নকৰিলে আগন্তক দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।