অনিছুৰ আলী
গৌৰীপুৰ
১৮ আগষ্ট

গৌৰীপুৰৰ আটানী আজাহাৰ বজাৰত ভয়াবহ অগ্নিকাণ্ড।নিমিষতে জুইত জাহ গ’ল বজাৰখনত থকা কেইবাখনো দোকান। ২০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ আটানী আজাহাৰ বজাৰত  সোমবাৰে নিশা ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা দহ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত আটানী আজাহাৰ বজাৰত থকা কেইবাখনো দোকান নিমিষতে জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ ছটচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থনীয় ৰাইজে। ভয়াবহ অগ্নিকাণ্ডত বজাৰখনৰ দোকান সমূহত থকা ২০ লক্ষাধিক টকাৰ সমগ্ৰীৰ জ্বলি ছাই হোৱা বুলিও জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ খবৰ পাই আটানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত পলম কৈ আহি পোৱাত ৰাইজ উত্তেজিত হৈ পৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত ৰাইজ শান্ত হয় আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।