ওদালগুৰি

১৮ আগষ্ট

ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী চকীত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত সদৌ বিটিআৰ গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাই এখন এজাহাৰ দাখিল কৰে।

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য প্ৰদান কৰা সত্যৰঞ্জন বৰাই কিছুদিন পূৰ্বে নলবাৰী জিলাত এখন বিশেষ সভাত ইছলাম ধৰ্মৰ আবেগ অনুভূতিক আঘাট কৰি কিছুমান বিতৰ্কিত মন্তব্য কৰিছিল। পুৰ্বেও সত্যৰঞ্জন বৰাই ইছলাম ধৰ্ম আৰু প্ৰবিত্ৰ কোৰাণ সম্পৰ্কে কিছুমান বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। সংগঠনটোৰ জিলা সমিতিৰ সভাপতিৰ স্বাক্ষৰিত এজাহাৰখনত অভিযোগ কৰা অনুসৰি সত্যৰঞ্জন বৰাই এনেধৰণৰ উচটনি মুলক মন্তব্যৰে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ লগাবলৈ অহৰহ চেষ্টা কৰি আহিছে। সেয়েহে সাম্প্ৰদায়িক তথা বিতৰ্কিত মন্তব্যৰে সংঘৰ্ষ লগাই সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধৰ এনাজৰী ডাল ছিঙিবলৈ চেষ্টা কৰা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি ঐক্য সংহতি ৰক্ষা কৰিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে সংগঠনটোৱে।

উল্লেখ্য যে সত্যৰঞ্জন বৰাই ইছলাম ধৰ্মকলৈ কৰা মন্তব্যৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন দল-সংগঠনে সত্যৰঞ্জন বৰাক গৰিহণা দিয়াৰ লগতে সত্যৰঞ্জন বৰাৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে।