ছয়গাঁও 

২১ আগষ্ট

ছয়গাঁও আৰক্ষীৰ আন এক বৃহৎ সাফল্য৷ দক্ষিণ কামৰূপ আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড তালিকাত থকা দুৰ্ধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনিজন সদস্যক আটক কৰাৰ পিচত আটকাধীন তিনিওজন গাড়ী চোৰৰ কবলৰ পৰা চুৰি হোৱা গাড়ী সমূহ উদ্ধাৰ কৰাৰ বাবে ছয়গাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান৷

উল্লেখ্য যে, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা ১৮ আগষ্টত চলোৱা এক অভিযানত ছয়গাঁও আৰক্ষীয়ে তিনিজন দুৰ্ধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বাইক উদ্ধাৰ কৰিছিল। উক্তদিনা গৰৈমাৰীৰ হাতীপাৰাৰ পৰা গাড়ী চোৰ চক্ৰৰ ৰফিকুল ইছলামৰ লগতে ৰফিকুলৰ সহযোগী আবিদুল্লাকো আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত নিশা বকোৰ জাউৰীয়াকাটাত অভিযান চলাই কাদেৰ আলী নামৰ অন্য এজন গাড়ী চোৰক আটক কৰি চোৰজনৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰিছিল৷ ১৯ আগষ্টত গাড়ী চোৰ চক্ৰৰ তিনিওজনক সদস্যক আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে ৭ দিনৰ বাবে তিনিওজনক নিজৰ জিন্মালৈ আনে৷ তিনিওজনক ছয়গাঁও আৰক্ষীয়ে জেৰা কৰাত কাদেৰ আলী নামৰ গাড়ী চোৰ জনৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কাদেৰ আলীৰ জাউকাটাদিয়াৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰে।

আৰক্ষীয়ে কাদেৰ আলীৰ ঘৰৰ পৰা জব্দ কৰা এএছ-০১-বি-এ-৯৭২৯ আৰু এএছ-১৯-জে-৯৬৫৮ নম্বৰৰ বাইক দুখনৰ নাম্বাৰ প্লেট ভূৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ গাড়ী চোৰ চক্ৰৰ সদস্য তিনিওজনৰ কবলৰ পৰা আৰু অধিক চুৰি বাইক উদ্ধাৰ কৰাৰ বাবে ছয়গাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷