শিবেন্দু বৰা

জুৰীয়া

২১ আগষ্ট

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ শ্ল’গান দি থকা বিজেপি চৰকাৰৰ শাসনত প্ৰধানমন্ত্ৰীৰ নামত অনুমোদিত আঁচনিতে বিভিন্ন কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। নগাওঁ জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ জুৰীয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়া উন্নয়ন খণ্ডৰ বগুৰিগুৰি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। পঞ্চায়তখনৰ একাধিক ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে।পঞ্চায়তখনৰ জি পি ছি ইলিয়াছ আলীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ নামত উৎকোচ লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত কাৱৈমাৰি গাঁৱৰ আব্দুল হেকিমৰ পৰা পঞ্চায়তখনৰ জি পি ছি ইলিয়াছ আলীয়ে ২০ হাজাৰ টকা বিচৰাৰ অভিযোগ উত্থাপিত হৈছে। আব্দুল হেকিমে পঞ্চায়তখনৰ জি পি ছি ইলিয়াছ আলীক ইতিমধ্যে ১০ হাজাৰ টকা দিছে যদিও বাকি থকা ১০ হাজাৰ টকা সময় মতে দিৱ নোৱাৰাত আব্দুল হেকিমক ঘৰ নিদিয়াৰ অভিযোগ উঠিছে। আনফালে ফজিলা খাতুনৰ নামৰ আন এগৰাকী হিতাধিকাৰীৰ নামত অহা ঘৰ ১০ নং ৱাৰ্ড মেম্বাৰ ফৰিদ উদ্দিনে নিজ মাটিতে নিৰ্মাণ কৰাৰো অভিযোগ উঠিছে। ইফালে কাৱৈমৰী গাঁৱত ভোটাৰ তালিকাত নাম নথকা ব্যক্তিয়ে ধনৰ বিনিময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ অভিযোগ উত্থাপিত কৰিছে একাংশই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত ভূক্তভূগী আব্দুল হেকিমৰ পত্নী আচমিনা খাতুনে পঞ্চায়তখনৰ সভাপতিৰ ৰিয়াজুল হক ওৰফে বাবুল, সচিৱ আৰু জি পি চি ইলিয়াচ আলীৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

পঞ্চায়তখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ উক্ত পৰিয়াল কেইটা কেৱল মাত্ৰ উদাহৰণহে। এনে বহু হিতাধিকাৰী আছে যি সকলে ধন দিব নোৱাৰাৰ বাবে পঞ্চায়তখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভৰ পৰা বঞ্চিত হৈ আছে। পঞ্চায়তখনত লগতে বহু আঁচনি আছে য’ত আঁচনি ৰূপায়ণত তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক কৰ্মীয়ে সংঘটিত কৰিছে চূড়ান্ত দুৰ্নীতি। শূণ্য সহনশীলতাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে এই দুৰ্নীতিকাৰী সকলক নাকী লগাবলৈ সক্ষম হ’ব নে?