গুৱাহাটী
২২ আগষ্ট

নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ সাজু হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। পূৰ্বৰ গণ মুক্তি সংগ্রাম, অসমৰ পৰিবৰ্তে নতুন নামেৰে গঠন কৰা হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দল। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি কৃষক নেতা অখিক গগৈয়ে ঘোষণা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলৰ নাম।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ৰাজনৈতিক পথাৰত নামিবলৈ প্ৰস্তুত হৈছে কৃষক মুক্তি সংগ্রাম সমিতি। আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত যুঁজ দিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তত কৃষক মুক্তি সংগ্ৰাম সমিতি। শনিবাৰে মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কার্যলায়ত এক সংবাদমেল অনুষ্ঠিত কৰি কৃষক সংগঠনটোৱে ঘোষণা কৰিলে নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা। সংবাদমেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক ডি শইকীয়াই জানিবলৈ দিয়ে যে ৰাজনৈতিক দল গঠনৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে, দলৰ সংবিধানো প্ৰস্তুত কৰা হৈছে, দলৰ কৰ্মসূচীৰ ওপৰতো আলোচনা হৈছে যদিও অসমৰবাসী ৰাইজৰ মতামতৰ ওপৰতে দলৰ সম্পূৰ্ণ কৰ্মসূচী প্ৰস্তুত কৰা হ’ব। কৃষক মুক্তি সমগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে কৃষক সংগঠনটোৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত কয় যে কৃষক মুক্তি সংগ্রাম সমিতিৰ নতুন ৰাজনৈতিক দলটো অসমৰ সকলো জাতি-ধৰ্ম, ভাষাৰ লোকক সাঙুৰি সম্পূৰ্ণ আঞ্চলিক দল হ’ব। আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তি একগোট হোৱাৰ প্ৰয়োজন। কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি গৰাকীয়ে সকলো আঞ্চলিক শক্তিক একত্ৰিত হ’বলৈও আহ্বান জনায়। সংবাদমেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰা হোৱা নাই যদিও কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি কৃষক নেতা অখিক গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে কৃষক মুক্তি সমগ্ৰাম সমিতিৰ সভাপতি ভাস্ক ডি শইকীয়াই।

আগন্তক বিধানসভা নিৰ্বাচনত অখিক গগৈ প্ৰতিদ্বন্দিতা কৰিব নে নাই এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ভাস্ক ডি শইকীয়াই কয় অখিক গগৈ নিশ্চয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। কৃষক মুক্তি সংগ্রাম সমিতিৰ ৰাজনৈতিক দলে আগন্তক বিধানসভা নিৰ্বাচনত কোনকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব এই সন্দৰ্ভত পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে কৃষক মুক্তি সমগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে।