মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
২৩ আগষ্ট

জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যুৰ সৈতে যুঁজিছে অসমৰ এজন যুৱক। অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ অনুৰোধ দুৰ্ভগীয়া পিতৃৰ। বহিঃৰাজ্যত যুৱক গৰাকীৰ উন্নত চিকিৎসাৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে।

জীৱিকাৰ সন্ধানত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ ভাইৰিগুৰিৰ প্ৰফুল্ল ৰায়ৰ পুত্ৰ বিপিন ৰায় কিছুবছৰ পূৰ্বে বহিঃৰাজ্যলৈ গৈ কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিক। শ্ৰমিক হিচাপে বহিঃৰাজ্যত লাভ কৰা কৰ্ম সংস্থাপনেৰে উপাৰ্জন কৰা ধনেৰে বিপিন ৰায়ে ভাইৰিগুৰিৰত থকা পৰিয়ালটোৰ পোহপাল দি আছিল যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ ফলত বহিঃৰাজ্যত আৱদ্ধ হৈ সম্প্ৰতি গুৰুত্বৰভাৱে অসুস্থ হৈ চিকিৎসা অবিহনে মৃত্যুৰ দিশে গতি কৰিছে বিপিন ৰায়। গুৰুত্বৰভাৱে অসুস্থ পুত্ৰৰ চিকিৎসাৰ খৰচ যোগান ধৰাত অক্ষম বিপিন ৰায়ৰ দুৰ্ভগীয়া পিতৃয়ে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা অসমবাসী ৰাইজৰ ওচৰত সাহায্য বিচাৰি কাতৰ প্ৰাৰ্থনা জনাইছে।

উল্লেখ্য যে, প্ৰায় ডেৰ বছৰ পূৰ্বে নিজৰ পিতৃ-মাতৃ তথা পত্নী আৰু এটি কণমানি কন্যা শিশুক এৰি কৰ্মৰ সন্ধানত কেৰালাত গৈ তাতে ৰাজমিস্ত্ৰিৰ কামত নিয়োজিত হৈ উপাৰ্জনৰ বাট মোকলাবলৈ সক্ষম হয়। কঠোৰ পৰিশ্ৰম কৰি থকা যুৱকজন কৰ’ণা মহামাৰিৰ প্ৰকোপত দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ পাছৰে পৰা কাম-বন হেৰুৱাই কেৰালাতে আবদ্ধ হৈ পৰে। প্ৰায় পাঁচমাহ ধৰি কেৰেলাত এক অনিশ্চয়তাৰ মাজত থাকি ক্ৰমাৎ অসুস্থ হৈ পৰাৰ পাছত এসপ্তাহ পূৰ্বে বিমান যোগে নিজগৃহলৈ অহাৰ বাবে কেৰালাৰ পৰা ৰাওনা দিয়ে যদিও দিল্লীত অহাৰ পাছত যুৱকজন অধিক অসুস্থ হৈ পৰাত গুৱাহাটী অভিমুখে অহা বিমানখনত উঠিবলৈ অক্ষম যুৱকজনক দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দিল্লীত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত যুৱকজন উচ্চৰক্তচাপ, মধূমেহ ৰোগত ভূগি থকাৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে।

গুৰুত্বৰভাৱে অসুস্থ যুৱকজনক উন্নত চিকিৎসাৰ বাবে বিপিন ৰয়ৰ ভাতৃ দিল্লীলৈ গৈ বিপিন ৰয়ক চণ্ডীগড়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱত বিপিন ৰায় চকিৎসাহীন ভাৱে চণ্ডীগড়ৰ চিকিৎসালয়ত পৰি আছে। দৰিদ্ৰ পিতৃয়ে ইতিমধ্যে মাটি-ভেটি বন্ধকত ৰাখি, ঘৰৰ পোহনীয়া পশুধন বিক্ৰী কৰি পুত্ৰৰ চিকিৎসাৰ বাবে কিছু টকা প্ৰেৰণ কৰিছিল যদিও বিপিন ৰায়ৰ চিকিৎসাৰ বাবে প্ৰয়োজন অধিক ধনৰ। এতিয়া গুৰুত্বৰভাৱে অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ যোগাৰ কৰিব নোৱাৰি দিনে নিশাই হুকহুকাই কান্দিছে দুৰ্ভগীয়া পিতৃয়ে। চৰকাৰ তথা দয়ালু ৰাইজৰ ওচৰত পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ অনুৰোধ জনাই অসুস্থ বিপিন ৰায়ৰ পিতৃ।

অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চণ্ডীগড়স্থিত পি জি আই চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি অসুস্থ যুৱকজনৰ উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰিয়ালৰ লোকৰ লগতে শ্ৰীৰামপুৰৰ ৰাইজে বিনম্ৰ অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰী গৰাকীক। কোনো দয়ালু ব্যক্তিয়ে যদি সাহায্য কৰিব বিচাৰিলে ৮৮২২০১০৫৪৫ নম্বৰত যোগাযোগ কৰিবলৈ নাইবা অসম গ্ৰামীন বিকাশ বেংকৰ শ্ৰীৰামপুৰ শাখাৰ ৭১৩৯০২৬০১০৪১২ নম্বৰৰ বেংক একাউণ্টত আৰ্থিক সাহায্য কৰাৰ বাবে অসহায় পিতৃ-মাতৃ তথা পত্নীয়ে কাতৰ প্ৰাৰ্থনা কৰে।