আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৭ আগষ্ট

গীত কামৰূপাৰ ভাষ্যক লৈ সৰৱ শিৱসাগৰৰ দল-সংগঠন। বিজেপি-আৰ এছ এছ’ৰ দালাল আখ্যা গীত কামৰূপাক। সত্যৰঞ্জন বৰাৰ আশ্ৰিত গীত কামৰূপাই শিৱসাগৰত ধৰ্মীয় মেৰুকৰণ কৰাৰ চেষ্টাৰ অভিযোগ।

মহিলা শক্তি সংবৰ্দ্ধন ক্ষেত্ৰ, অসম নামৰ এক মহিলা অনুষ্ঠানৰ স্বযম্ভু নেত্ৰী গীত কামৰূপা নামৰ এগৰাকী মহিলাৰ বহু বিতৰ্কিত ভাষ্যই উত্তাল কৰিছে শিৱসাগৰ।গীত কামৰূপা নামৰ মহিলা গৰাকীয়ে সামাজিক মাধ্যমৰ মাজেৰে বুধবাৰে এক বাৰ্তা প্ৰেৰণ কৰি শিৱসাগৰৰ হাজাৰ হাজাৰ মহিলা পতিতা বৃত্তিত জড়িত বুলি উল্লেখ কৰি এনে পতিতা বৃত্তিৰ লগত শিৱসাগৰৰ দল-সংগঠনো জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল। পতিতা বৃত্তিৰ লগত মধ্যভোগী ৰূপে শিৱসাগৰৰ দল-সংগঠন জড়িত থকাৰ কথাও উল্লেখ কৰিছিল নাৰীবাদী নেত্ৰী গৰাকীয়ে। শিৱসাগৰৰ ষাঠি শতাংশ লোক মুছলমান বুলি সাম্প্ৰদায়িক মন্তব্য কৰি এই সকল মুছলমান লোকৰ পৰা কমিছনৰ অংকত বিভিন্ন দল-সংগঠন পৰিচালিত হোৱাৰ জঘন্য অভিযোগো উত্থাপন কৰিছিল গীত কামৰূপাই।

গীত কামৰূপাৰ এনে বক্তব্যক লৈ বৃহস্পতিবাৰে শিৱসাগৰৰ দল-সংগঠন সমূহ জাঙুৰ খাই উঠিছে। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিৎ দত্তই গীত কামৰূপা নামৰ মহিলা গৰাকীক আৰ এছ এছ’ৰ দালাল বুলি অভিহিত কৰি সত্যৰঞ্জন বৰাৰ আলধৰা হৈ শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। দেৱজিৎ দত্তই গীত কামৰূপাক তেওঁৰ অভিযোগ সমূহ ১২ ঘণ্টাৰ ভিতৰত তথ্য সহকাৰে প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনাই, অন্যথা শিৱসাগৰৰ দল-সংগঠনে গীত কামৰূপাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। গীত কামৰূপাক মাটিফুটি আৱিৰ্ভাৱ হোৱা বুলি আহোম গণমঞ্চৰ মহেন্দ্ৰ দিহিঙীয়াই এগৰাকী মহিলাহৈ গীত কামৰূপাক মহিলাক সন্মান কৰাৰ শিক্ষা ল’বলৈ সকিয়াই দি কয় যে বিজেপি দলৰ এজেণ্ট ৰূপে কাম কৰা এই গৰাকী তথাকথিত মহিলাই শিৱসাগৰত বিষবাষ্প বিয়পাবলৈ কৰা চেষ্টা শিৱসাগৰীয়া ৰাইজে সফল হ’ব নিদিয়ে। অসম ছাত্ৰ যুৱ সন্মিলনৰ জিন্তু মেছে গীত কামৰূপা নামৰ মহিলা গৰাকীৰ অভিযোগৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে।মহিলা গৰাকীক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দি প্ৰকৃততে মহিলা উত্তৰণৰ কাম সমূহ আগবঢ়াই নিবলৈ আহবান জনায়।

সেইদৰে সদৌ অসম ছাত্ৰ সন্থা, ঐক্য সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ আদি বিভিন্ন,‌ সংগঠনে গীত কামৰূপাৰ এনে মিছা অভিযোগক সমালোচনা কৰি সাম্প্ৰদায়িক কৰ্মৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিয়ে। সত্যৰঞ্জন বৰাৰ দৰে ধৰ্মীয় মেৰুকৰণ কৰা নেতাৰ আশ্ৰিত হৈ শিৱসাগৰত ধৰ্মীয় বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা গীত কামৰূপাক শালীনতা বজাই ৰাখি অসমীয়া নাৰীৰ পৰিচয় বদনাম নকৰিবলৈ সকিয়াই দিছে দল-সংগঠন সমূহে। বিগত দিনত সত্যৰঞ্জন বৰা নামৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ তথাকথিত নেতাই শিৱসাগৰলৈ আহি ধৰ্মৰ ভিত্তিত অস্থিৰতা বিয়পোৱাৰ কৰা চেষ্টাক শিৱসাগৰৰ দল-সংগঠনে ন্যসাৎ কৰাত সত্যৰঞ্জন বৰাৰ ঘনিষ্ঠ আৰু আশ্ৰিত বুলি পৰিচিত গীত কামৰূপাই এনে বক্তব্য প্ৰদান কৰা বুলি ধাৰণা কৰিছে বিভিন্ন দল-সংগঠনে। সেইদৰে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা পঞ্জীয়ন ভুক্ত পতিতাৰ তথ্য লাভ কৰা বুলি সদৰী কৰাক লৈ এনে তথ্য প্ৰশাসনৰ কোন বিষয়াৰ পৰা লাভ কৰিছে আৰু কেতিয়াৰ পৰা পতিতাবৃত্তি ভাৰতত বৈধ হ’ল সেই বিষয়ত স্পষ্ট কৰিবলৈ দাবী জনাইছে দল-সংগঠন সমূহে।