চিৰাং

২৭ আগষ্ট

বড়োভূমিত পুনৰ উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। চিৰাং জিলাৰ অন্তৰ্গত ১ নং উত্তৰাপাৰা গাঁৱৰ সমীপৰ হাবিত উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ ৩ টা মেগজিনসহ ২ টা একে ছিৰিজৰ ৰাইফল, ১৬৭ ৰাউণ্ড একে ছিৰিজ ৰাইফলৰ সজীৱ গুলী আৰু বহু অস্ত্ৰ-শস্ত্ৰ।

এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে পুৱাৰ ভাগত চিৰাং আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিজনী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং উত্তৰাপাৰা গাঁৱৰ সমীপৰ হাবিত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৩ টা মেগজিনসহ ২ টা একে ছিৰিজৰ ৰাইফল, ১৬৭ ৰাউণ্ড একে ছিৰিজ ৰাইফলৰ সজীৱ গুলী আৰু বহু অস্ত্ৰ-শস্ত্ৰ। উল্লেখ্য যে বি টি চি পৰিষদীয় নিৰ্বাচনৰ মাজত কেইটামান দিন বাকী থকা অৱস্থাত বড়োভূমিৰ বিভিন্ন অঞ্চলত অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হৈছে।

স্বাধীনতা দিৱসৰ পূৰ্বেও গুৱাহাটী মহানগৰ আৰক্ষীয়েও এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ওদালগুৰি জিলাত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছিল। মহানগৰ আৰক্ষীয়ে ওদালগুৰি জিলাৰ পৰা ২ টা একে-৪৭, ৫ টা একে-৫৬ ৰাইফল, ২ টা এম-১৬ ৰাইফল, ৭ টা ৯-এম এম পিষ্টল, ১২ টা গ্ৰেণেড, ১২৫০ ৰাউণ্ড সজীৱ গুলী আৰু ২০ কেজি বিস্ফোৰক উদ্ধাৰ কৰিছিল।