শিবেন্দু বৰা

জুৰীয়া

২৭ আগষ্ট

ৰাইজে আটক কৰিলে জালনোটসহ চাৰি সৰবৰাহকাৰী। ৰূপহীহাটৰ ৰাইজে ৩০ লাখ টকাৰ জালনোটসহ চাৰি সৰবৰাহকাৰীক আটক কৰি গতাই দিলে আৰক্ষীক। মেঘালয়ৰ পৰা আহিছিল চাৰি জালনোট সৰবৰাহকাৰী।

 

মেঘালয়ৰ পৰা এমএল-০৬-এ-১০০২ নম্বৰৰ এখন আৰটিকা বাহনেৰে নগাঁও জিলাৰ ৰূপহীহাটলৈ আহিছিল মেঘালয়ৰ চাৰিজন যুৱক। ৰূপহীহাটৰ গুনাবাৰীত যুৱক কেইজনক বাহনসহ ৰৈ থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি ৰাইজে যুৱক কেইজনক সোধা-পোচা কৰাত ৰাইজৰ সন্দেহ হোৱাত ৰাইজে যুৱক চাৰিজনক উত্তম মাধ্যম দিয়াত প্ৰকৃত তথ্য পোহৰলৈ আহে যে যুৱক চাৰিজন জালনোট সলনি কৰিবলৈ গুনাবাৰীত ৰৈ আছে। সত্য পোহৰলৈ অহাত ৰাইজে যুৱজ চাৰিজনক ৰূপহীহাট আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে যুৱক চাৰিজনৰ কবলৰ পৰা ৩০ লাখ টকাৰ জালনোট উদ্ধাৰ কৰে।

ধৃত জালনোট সৰবৰাহকাৰী চাৰি জন হৈছে ক্ৰমে শ্বাইনিং মাথুং, গডেন চিংটং, কাৰ্মিং ইউফানো আৰু খেন বৰলেন। জালনোট সৰবৰাহকাৰী চাৰিজন মেঘালয়ৰ ৱেষ্ট খাচি হিলছ জিলাৰ নংটং আৰক্ষীৰ আন্তৰ্গত উপৰ নিউ ননষ্টিং গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰ্তমান সৰবৰাহকাৰী চাৰিজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।