শিবেন্দু বৰা

জুৰীয়া

৩০ আগষ্ট

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ বৃহৎ ধনৰ কেলেংকাৰীত লিপ্ত থকাৰ অভিযোগত নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই চি এছ পিক। শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাৰ চি এছ পি দুজনক।

ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ বৃহৎ ধনৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই কেলেংকাৰী তদন্ত আৰম্ভ কৰিছে চৰকাৰে। ইতিমধ্যে এই কেলেংকাৰীৰ লগত জড়িত কেইবাজনো ব্যক্তি জালত পৰাৰ সময়তে শনিবাৰে নিশা নগাঁও সদৰ আৰক্ষীয়ে এই কেলেংকাৰীৰ লগত জড়িত দুজন চি এছ পি’ক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাৰ চি এছ পি দুজন হৈছে ক্ৰমে ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ চি এছ পি আছাদুল হক আৰু দক্ষিণ খাটোৱালৰ চি এছ পি ওৱাহিদ উজ্জামান। চি এছ পি দুজনে দীৰ্ঘদিন ধৰি ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ নামত অহা জলপানীৰ ধন জালিয়াতিৰে আত্মসাৎ কৰি আহিছিল। ভাৰতীয় ষ্টেট বেংকৰ চি এছ পি দুজনে জৱকাৰ্ড শ্ৰমিক, বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰী, আৰু বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীক ছাত্ৰ-ছাত্ৰী সজাই সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত অহা ধনৰ লুন্ঠনৰাজ চলাই আছিল। জানিব পৰা মতে কচুৱাৰ এক জালিয়াতি চক্ৰৰ সহযোগত এই দুই চি এছ পিয়ে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত অহা জলপানীৰ ধন লুন্ঠনৰ জাল পেলাইছিল। ৰূপহীহাটৰ দুজন মধ্যভোগীয়ে বিভিন্ন শিক্ষানুষ্ঠানৰ মূৰব্বীৰ সৈতে গোপন বুজাবুজিৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অভিযোগো উথাপিত হৈছে।আতিকুল আৰু আজমল উপাধিৰ দুজন যুৱকে কচুৱাৰ জালিয়াতি চক্ৰটোৰ লগলাগি দীৰ্ঘদিন ধৰি মধ্যভোগী হিচাপে কাম কৰি আছিল বুলি জানিব পৰা গৈছে। ইফালে ভাৰতীয় ষ্টেট বেংকৰ দুজন চি এছ পি আৰক্ষীৰ জালত পৰাত ষ্টেট বেংক আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ বহু চি এছ পিয়ে আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ বৃহৎ পৰিমাণৰ ধনৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি
সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ ছৈয়দ মমিনুল আৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই কেলেংকাৰীৰ তদন্তৰ বাবে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ গৰাকীৰ আহ্বানমৰ্মে চি আই ডিক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু চি আই ডিয়ে যোৱা বৃহস্পতিবাৰৰ পৰা এই বৃহৎ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছিল।