পলাশবাৰী
৩০ আগষ্ট

দেওবাৰে পুনৰবাৰ পলাশবাৰী সমষ্টিত চৰম অপমানিত হ’ল অগপ নেতা ডাঃ কমলা কলিতা৷ পলাশবাৰী সমষ্টি কমিটীক প্ৰত্যাহ্বান জনাই পলাশবাৰীৰ ভাগৱতীপাৰাত অনুষ্ঠিত কৰা সভাত স্থানীয় বহু সংখ্যক লোকে কমলা কলিতা গ’বেক ধ্বনি দিয়াৰ লগতে সভাখন সম্পূৰ্ণ নৌহওঁতেই প্ৰশাসনে বন্ধ কৰি দিয়াৰ ফলত ঘোৰ অপমানিত হ’বলগীয়া হ’ল নেতা গৰাকী৷

উল্লেখযোগ্য যে পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাত দেওবাৰে অগপ নেতা কমলা কলিতাৰ নেতৃত্বত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰাৰ সময়তেই সমষ্টিটোৰ প্ৰায় তিনিশ লোকে সভাস্থলীৰ সন্মুখত সমবেত হৈ “কমলা কলিতা গ’বেক”, “খেদ ঐ খেদ কমলা কলিতাক খেদ, “পঁচা কমলাৰ কাম নাই”, “পলাশবাৰীত পঁচা কমলাৰ কাম নাই”, “পলাশবাৰীত মাফিয়াৰাজ নচলিব” আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ কমলা কলিতাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি সমগ্ৰ অঞ্চল উত্তপ্ত কৰি তোলে৷ ক্ৰমান্বয়ে পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত পলাশবাৰীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে প্ৰতিবাদকাৰী সকলক ওভোটাই পঠিয়াই৷ ইয়াৰ মাজতেই সভাৰ কাম আগবাঢ়ি গৈ থকাৰ সময়তেই সভাস্থলীত পলাশবাৰীৰ চক্ৰ বিষয়া উপস্থিত হৈ কেইবাশতাধিক লোকক লৈ সভা অনুষ্ঠিত কৰি লকডাউনৰ প্ৰট’কল ভংগ কৰাৰ বাবে চক্ৰ বিষয়াই সভাখন বন্ধ কৰি দিয়ে৷ এই লৈ এতিয়া দক্ষিণ কামৰূপ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখযোগ্য যে একমাত্ৰ নিজৰ ৰাজনৈতিক চৰিতাৰ্থ পূৰণাৰ্থে পলাশবাৰী অগপক দেওবাৰে দুভাগত বিভক্ত কৰিলে অগপ নেতা কমলা কলিতাই৷ নিজকে এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা বুলি জাহিৰ কৰি ফুৰা কমলা কলিতাই ইতিমধ্যে তিনিটা নিৰ্বাচনত ছয়গাঁও সমষ্টিত শোচনীয় পৰাজয়বৰণ কৰি ছয়গাঁও সমষ্টিত ভৰিৰ তলৰ মাটি হেৰুৱাই ২০২১ চনত ছয়গাঁৱৰ সলনি পলাশবাৰীত নিৰ্বাচন খেলাৰ বাবে পলাশবাৰীত অগপক দুভাগত বিভক্ত কৰে৷ ছয়গাঁও সমষ্টিত ভেটি উছন হোৱাৰ পিচত পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলাৰ বাবে বিগত দিনকেইটাত সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰকাৰ্য চলাই অহাৰ মাজতেই দেওবাৰে সমষ্টিটোৰ ভাগৱতীপাৰাত এক বিশাল ভোজ ভাতৰ আয়োজন কৰিছিল কমলা কলিতাই৷ পলাশবাৰী সমষ্টি কমিটী তথা বিধান পৰিষদৰ এজনো বিষয়ববীয়া তথা কৰ্মকৰ্তা নোহোৱাকৈ সমষ্টিটোৰ একাংশ ধনলুভীয়া তথা সুবিধাবাদী লোকৰ লগতে বালি মাফিয়া,কাঠ বেপাৰী আদিৰ লগতে ছয়গাঁৱৰ কিছু অগপ কৰ্মীক লৈ ভোজভাতৰ আয়োজন কৰি কমলা কলিতাই প্ৰত্যক্ষভাৱে দেওবাৰে পলাশবাৰী সমষ্টিত নিৰ্বচনী ৰণশিঙা বজোৱাৰ লগতে এই সভাৰ জৰিয়তে পলাশবাৰী অগপক দুফাল কৰিলে বাকী একাংশ অগপ নেতা-কৰ্মীয়ে অভিযোগ উত্থাপন কৰে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে পলাশবাৰীৰ অগপ নেতা কৰ্মীক এলাগি কৰি পলাশবাৰী সমষ্টিৰ একাংশ বালি মাফিয়া,কাঠ বেপাৰীৰ লগতে সুবিধাবাদী লোকৰ লগতে ছয়গাঁৱৰ একাংশ লোকক লৈ দেওবাৰে ভাগৱতীপাৰাত ভোজভাতৰ আয়োজনৰ চলেৰে সভা অনুষ্ঠিত কৰি প্ৰকাশ্যে পলাশবাৰী অগপক দ্বিখণ্ডিত কৰাৰ বিপৰীতে বাটৰহাটত পলাশবাৰী অগপৰ অনুষ্ঠিত হয় আন এখন সাংগঠনিক সভা৷ পলাশবাৰী সমষ্টি কমিটীৰ সভাপতি তিলক গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও উপস্থিত থাকে৷ পলাশবাৰী অগপ সমষ্টি কমিটীৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত অগপ দলৰ সভাখনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পলাশবাৰী সমষ্টিত ছয়গাঁৱৰ পৰা অহা ব্যক্তিৰ সলনি পলাশবাৰীৰ নেতা পংকজলোচন গোস্বামীৰ লগত দলৰ হৈ কাম কৰি দলটো শক্তশালী কৰাৰ বাবে ৰাইজক আহ্বান জনাই৷ বাটৰহাটত অনুষ্ঠিত অগপৰ সাংগঠনিক সভাখনত সমষ্টিটোৰ সকলো বিষয়া ববীয়া উপস্থিত থকাৰ বিপৰীতে কমলা কলিতাৰ সভাত উপস্থিত নাছিল পলাশবাৰী অগপৰ এজনো আগশাৰীৰ নেতা কৰ্মী৷ ২০২১ ত পলাশবাৰী সমষ্টিত অগপৰ টিকটত নিৰ্বাচন খেলাৰ বাবে কুচ কাৱাজ আৰম্ভ কৰা কমলা কলিতাই সমষ্টিটোৰ প্ৰকৃত অগপ নেতা কৰ্মী তথা বিষয়ববীয়াক বাদ দি একাংশ নিজৰ মানুহক লৈ পলাশবাৰী সমষ্টি কমিটীখন গঠন কৰাৰো কুচ কাৱাজ আৰম্ভ কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে৷

মুঠতে দেওবাৰে পলাশবাৰীত প্ৰকৃত অগপ নেতা কৰ্মীক এলাগী কৰি কমলা কলিতাই বৃহৎ ভোজভাতৰ আয়োজন কৰি পলাশবাৰীত নিৰ্বাচন খেলাৰ কুচ কাৱাজ আৰম্ভ কৰাৰ বিপৰীতে আনফালে সমান্তৰালকৈ অগপৰ বাটৰহাট কাৰ্যালয়ত অগপ সমষ্টি কমিটীয়ে সভা অনুষ্ঠিত কৰা কাৰ্যৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিল যে এই কাৰ্যৰ দ্বাৰা পলাশবাৰী অগপ দ্বিখণ্ডিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ আনহাতে পলাশবাৰী অগপ সমষ্টি কমিটীৰ সাংগঠনিক সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত থকা কাৰ্যয়ো বিশেষ তাৎপৰ্য বহণ কৰিছে৷