বকো
৩০ আগষ্ট

জৰাজীৰ্ণ পথৰ বাবে বকোৰ কটলগাঁৱৰ ৰাইজৰ দুৰ্দশা। নিৰ্বাচনৰ পূৰ্বৰে নেতা আহি পথটো পকী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও প্ৰতিশ্ৰুতি পূৰণ নকৰে। অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথটো।

কটলগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা বকো-পয়ৰাংগা আৰু বকো-শোলাপথ সংযোগী প্ৰায় ২ কিলোমিটাৰ পথ বছৰ বছৰ ধৰি চৰকাৰৰ অৱহেলাৰ ফলত জৰাজীৰ্ণ অৱস্থাত আছে। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজে জীয়াতু ভূগি থকাৰ পাছত অৱশেষত কটলগাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি শিল, বালি পেলাই পথটোৰ মেৰামতি কৰে। প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দলৰ প্ৰাৰ্থী গাৱঁখনত উপস্থিত হৈ ৰাইজক ভোটৰ বিনিময়ত পথটো পকী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত নেতাৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত ৰাইজে ৰাজনৈতিক নেতা তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ভুক্তভুগি ৰাইজে জানিবলৈ দিয়ে যে, এই পথটোৰ মেৰামতি অথবা পকীকৰণৰ ক্ষেত্ৰত বহুবাৰ চৰকাৰ, স্থানীয় বিধায়ক, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক অৱগত কৰা হৈছে যদিও আজিলৈ কোনো ধৰণৰ সুফল লাভ নকৰিলে ৰাইজে। প্ৰায় ১০০টা পৰিয়ালে বাস কৰা এই গাৱঁখনৰ পথৰ দূৰবস্থাৰ বাবে বিভিন্ন সময়ত ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হয়।

স্থানীয় বিধয়াক, চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ পথটো মেৰামতি কৰাৰ বাবে আহ্বান জনায় অহাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰি অৱশেষত দেওবাৰে ৰাইজে নিজে নামিল পথটো মেৰামতি কৰাৰ বাবে। স্থনীয় কিছু সংখ্যক ৰাইজে দিনজোৰা শ্ৰমদান কৰি তথা গাঁঠিৰ ধন ভাঙি পথটো মেৰামতি কৰিলে দেওবাৰে।