গুৱাহাটী

৩১ আগষ্ট

দিছপুৰ লাষ্ট গেটত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী। পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সোমবাৰৰ পৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ।

কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই সোমবাৰৰ পৰা দিছপুৰ লাষ্ট গেটত ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। লাষ্ট গেটৰ প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে কোচ-ৰাজবংশী জনগোষ্টীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকাৰণৰ দাবীক লৈ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই বিগত তিনি দশক ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে যদিও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশী জনগোষ্টীৰ দাবী পূৰণৰ ক্ষেত্ৰত বৰ্তমানলৈকে বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰাটো দৃষ্টি গোচৰ হোৱা নাই। সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নেতাদ্বয়ে আক্ষেপ কৰি কয় যে পূৰ্বৰ গাদী দখল কৰা চৰকাৰৰ দৰে বৰ্তমান বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ দাবী সমূহ একে দৃষ্ঠিভংগী লৈ জনগোষ্ঠীটোক নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোৰ দাবী সমূহ পূৰণৰ আশ্বাস প্ৰদানেৰে ২০১৩ চনৰ ৩ ছেপ্টেম্বৰ, ৭ নৱেম্বৰ আৰু ২০১৭ চনৰ ২৪ এপ্ৰিলত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি অৱশেষত অভূৱা ভৰা কাৰ্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। নেতাদ্বয়ে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মাহী আইৰ দৃষ্ঠিভংগীলৈ জনগোষ্ঠীটোৰ অস্তিত্বক লৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক হেতালি খেলিছে বুলিও মন্তব্য কৰে।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকাৰণৰ ক্ষেত্ৰত ৰাজ্যসভাত বিল অনাৰ পিছতো বিলখন উত্থাপন নকৰি ওলোটাই আনি জনগোষ্ঠীটোৰ জনজাতিকাৰণ বিষয়টোক পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ অধীনত মন্ত্রী মণ্ডল গঠনেৰে জনগোষ্ঠীটোৰ দাবী সমূহক লৈ কুটিল ৰাজনীতি কৰে নে বুলিও প্ৰশ্ন কৰে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নেতাদ্বয়ে। নেতাদ্বয়ে আৰু কয় যে এতিয়া ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত জনগোষ্ঠীটোৰ স্বাৰ্থত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। চৰকাৰে জনগোষ্ঠীটোৰ দাবী সমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই আগন্তক দিনত ভয়াবহ গণতান্ত্ৰিক আন্দোল কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নেতাদ্বয়ে।