আনোৱাৰ হুছেইন

গৰৈমাৰী 

২ ছেপ্টেম্বৰ

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ অন্তৰ্গত হাতীশলাত জব্দ বৃহৎ পৰিমানৰ কফ চিৰাপ৷ এচাম অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি গৰৈমাৰীৰ বিভিন্ন অঞ্চলত চলাই আহিছে অবৈধ কফ চিৰাপৰ লগতে বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ ৰমৰমীয়া বেহা।

ছয়গাঁও আৰক্ষীয়ে এজ গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বুধবাৰে পুৱাৰ ভাগত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। পুৱাৰ ভাগত ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীৰ যুটীয়া অভিযানত গুৱাহাটীৰ পৰা আহি থকা এছ-২৫-ডিচি-৭৩৪৬ নম্বৰৰ এখন টাটা ডি আই গাড়ীৰ পৰা ৯৯০ টা কফ চিৰাপৰ বটল উদ্ধাৰ কৰে। পথৰ ওপৰত আৰক্ষীক দেখা পাই গাড়ীখনে আৰক্ষীক খেদি আহিছিল যদিও স্থানীয় একাংশ যুৱকৰ সহযোগত আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ সক্ষম হয় আৰু গাড়ীৰ ভিতৰৰ পৰা বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰে। আৰক্ষীয়ে স্থনীয় একাংশ যুৱকৰ সহায়ত গাড়ীখন জব্দ কৰে যদিও গাড়ীৰ চালকজন পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীয়ে জব্দ কৰা কফ চিৰাপখিনিৰ ব্যৱসায়ৰ লগত কোন জড়িত এই সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা নাই যদিও আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিগত কিছু বছৰ ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সমগ্ৰীৰ বেহা ব্যাপক হাৰত বৃদ্ধি পাইছে।