ডিফু

৫ ছেপ্টেম্বৰ

শ্বায়েৰী মূলত উর্দু সাহিত্যৰ অংগ যদিও কবি পূর্ণিমা দেৱীৰ “এমুঠি অনুভৱ তােমাব বাবে” অসমীয়া ভাষাত শ্বায়েৰীৰ প্রথমখন গ্রন্থ উন্মোচন।

উদীয়মান কবি পুর্ণিমা দেৱীৰ “এমুঠি অনুভৱ তােমাৰ বাবে” শীর্ষক এক অসমীয়া ভাষাত ৰচিত শ্বায়েৰীৰ সংকলন শনিবাৰে শুভ উন্মােচন কৰে কার্বি আংলং জিলাৰ প্রথিতযশা সাহিত্যিক, ৰংমিলীৰ হাঁহিৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰংবং তেৰাঙে। বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিফুস্থিত নিজা বাসভৱনত অনুষ্টুপীয়াকৈ আয়ােজিত কৰা গ্রন্থ উম্মােচনী সভাখনত কাব্য গ্রন্থখন উন্মোচন কৰি সাহিত্যিকগৰাকীয়ে মহামাৰীৰ আতংকৰ মাজতাে একাংশ লােকে সৃষ্টিশীল কাম-কাজৰ সৈতে নিজকে জড়িত ৰখাৰ বাবে অভিনন্দন জনায়। শ্বায়েৰী মূলত উর্দু সাহিত্যৰ অংগ বুলি মন্তব্য কৰি কবি পূর্ণিমা দেৱীৰ “এমুঠি অনুভৱ তােমাব বাবে সম্ভৱত অসমীয়া ভাষাত শ্বায়েৰীৰ প্রথমখন মৌলিক গ্রন্থ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ২০০ টা শ্বায়েৰী সন্নিবিষ্ট কবি পুর্ণিমা দেৱীৰ “এমুঠি অনুভৱ তােমাৰ বাবে”ৰ প্রকাশক সামাজিক মাধ্যমৰ জনপ্রিয় কবিতা গােট অসমীয়া কবিতাৰ চর্চাৰ প্রশাসক আমিনুৰ ৰহমান।

গ্রন্থ উন্মােচনী অনুষ্ঠানত, জ্যেষ্ঠ সাংবাদিক, লেখক সঞ্জু বৰা, বিশিষ্ট কবি, লেখক ভবেন বৰুবা, কার্বি আংলং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদকদ্বয় ক্রমে দেবজ্যোতি বৰা আৰু দ্বিপেন বৰা উপস্থিত থাকে।