মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২০ ছেপ্তেম্বৰ

বি টি চিৰ ৬ নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিত ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টী ত্যাগ কৰি ডেৰ শতাধিক পুৰুষ-মহিলাৰ বি পি এফত যোগদান। শনিবাৰেও শ্ৰীৰামপুৰত শতাধিক লোকে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ত্যাগ কৰি বি পি এফত যোগদান কৰিছিল।

দেওবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ৬ নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ পানবাৰীত বি পি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়৷ বি পি এফৰ গোসাইগাঁও জিলা যুৱ গোটৰ সভাপতি নৰপতি ব্ৰক্ষৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টী ত্যাগ কৰি ডেৰ শতাধিক পুৰুষ-মহিলা বি পি এফ দলত যোগদান কৰে৷ বি পি এফ দলত নতুনকৈ যোগদান কৰা সকলক দলীয় পতাক আৰু ফুলাম গোমছাৰে আদৰি লয় বি পি এফ দলৰ নেতা সকলে৷ যোগদান সভাত বি পি এফ দলৰ নেতা তথা আক্ৰাছুৰ প্ৰা্ক্তন নেতা পুলকেশ ৰয়ে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়ক ক্ষুৰধাৰ সমালোচনা কৰে৷ সভাত শৰাইবিল ব্লক বি পি এফৰ সভাপতি বিল্লা কুমাৰ ব্ৰক্ষই ইউ পি পি এল দলৰ বিৰুদ্ধচাৰণ কৰি কয় যে যি দলে এটা জাতিৰ বিৰুদ্ধে মাত মাতে তেনে দলক অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে৷

ইফালে দেওবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ৩ নং শ্ৰীৰামপুৰ (অজনজাতি) সমষ্টিৰ ১ নং ভোমৰাবিল গাঁৱত বি পি এফ দলৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰি শতাধিক পুৰুষ-মহিলা বি পি এফ দলত যোগদান কৰিছিল।