মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২০ ছেপ্টেম্বৰ

বি টি এ ডিত পুনৰ উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ। এইবাৰ বঙাইগাঁও জিলাৰ গোসাইগাঁৱত ভাৰত-ভূটান সীমান্তত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। কচুগাঁও আৰক্ষীৰ অভিযান হাবিৰ মাজত উদ্ধাৰ হয় অস্ত্ৰ ভাণ্ডাৰ।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী কচুগাওঁ বনাঞ্চলৰ শান্তিপূৰত শনিবাৰে নিশা কচুগাঁও আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গোসাইগাঁও মহকুমাৰ কচুগাওঁ থানাৰ আৰক্ষী আৰু কোকৰাঝাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কচুগাওঁ বনাঞ্চলখনৰ পিকুৱা নদীৰ নিচেই কাষত থকা শান্তিপূৰত মাটিৰ পুতি থোৱা অৱস্থাত অস্ত্ৰ ভাণ্ডাৰ উদ্বাৰ কৰে। উদ্ধাৰ হোৱা অস্ত্ৰ সমূহত আছে চাৰিটা ৩৬ নম্বৰৰ হেণ্ড গ্ৰেণেড, চাৰিটা ডিটেনেটৰ, এটা ৭.৬৫ পিষ্টল, এটা একে-৪৭ ৰাইফল, এটা হস্ত নিৰ্মিত বন্দুক, দুটা মেগজিন, ১৩ জাই একে-৪৭ ৰাইফলৰ গুলী।

আৰক্ষীৰ এই বিশেষ অভিযানৰ নেতৃত্বত আছিল কচুগাঁৱৰ আৰক্ষী বিষয়া আনন্দ ৰাভা আৰু কোকৰাঝাৰৰ টাউন আৰক্ষী লাটুক দাস। উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰ কোন সংগঠনৰ সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই। উল্লেখ্য যে বি টি চি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে চিৰাং জিলা আৰু ওদালগুৰি জিলাত কেইবাবাৰো আৰক্ষীয়ে অভিযান চলাই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।