সোণাপুৰ, ২২ মেঃ সোণাপুৰৰ আমচাং অভয়াৰণ্যত জলাশয়ত আবদ্ধ হৈ মৃত্যুৰে যুঁজিছে এটা দতাঁল হাতীয়ে৷ বিগত চাৰিদিন ধৰি জলাশয়ত আবদ্ধ হৈ আছে দতাঁল হাতীটো৷ হাতীটো উদ্ধাৰৰ কাৰণে আজি বন-বিভাগে অভিযান চলাইছে যদিও বৰ্ত্তমানলৈ হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে, সোণাপুৰৰ আমচাং অভয়াৰণ্যৰ অধিকাংশ অবৈধ বেদখলকাৰীৰ কবলত৷ অবৈধ বেদখলকাৰীৰ উপদ্ৰৱে অভয়াৰণ্যখনত বন্যপ্ৰাণীৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে৷ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱত অভয়াৰণ্যখনৰ বন্যপ্ৰাণীয়ে ৰাজপথত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ যাৰ কাৰণে বন্যপ্ৰাণী আৰু মানুহৰ মাজত বিভিন্ন সময়ত সংঘাটৰো সৃষ্টি হৈছে৷ বহু বন্যপ্ৰাণীয়ে কৰুণ মৃত্যুকো সাৱতিবলগীয়া হৈছে৷ ৰাজ্য চৰকাৰ আৰু বন-বিভাগে শীঘ্ৰে অভয়াৰণ্যখন অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে অভয়াৰণ্যখনৰ পৰা বন্যপ্ৰাণী নিচিহ্ন হোৱাতো নিশ্চিত৷