কুন্দন ভৰালী
নগাঁও
১ অক্টোবৰ

নগাঁৱত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। চৰকাৰী এক নিৰ্দেশনাৰ পিছতেই নগাঁৱত গাড়ী বন্ধ কৰি প্ৰতিবাদ নামিল গাড়ী চলক আৰু মালিক সন্থা।

দীৰ্ঘদিনীয়া লকডাউনে জুৰুলা কৰা গাড়ী চালক, মালিকসকলে চৰকাৰৰ এক নিৰ্দেশনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কভিড প্ৰট’কল অনুসৰি ৫০ শতাংশ যাত্ৰী লৈ যাতায়ত কৰা বাহনসমূহে পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতকৈ অধিক পৰিমাণে ভাড়া সংগ্ৰহ কৰি আহিছে যাত্ৰীৰ পৰা। ইয়াকে লৈ একাংশই উত্থাপন কৰা অভিযোগৰ ভিত্তিত চৰকাৰে জাৰি কৰা এক নিৰ্দেশনাকলৈ জাঙুৰ খাই উঠিছে গাড়ী চালক আৰু মালিক সন্থা। চৰকাৰী নিৰ্দেশনা অনুসৰি পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতেই ৫০ শতাংশ যাত্ৰী লৈ যাত্ৰীবাহী বাহনসমূহক বাধ্যতামূলক কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে মালিকসকলৰ লগতে গাড়ী চালক সকল। চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে নগাঁৱত বাহন বন্ধ কৰি চৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে মালিক আৰু চালক সন্থাই। চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত নগাঁৱৰ পৰা যিকোনো স্থানলৈ যাত্ৰীবাহী বাহনৰ যাতায়ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে মালিক, শ্ৰমিক সন্থাই।

ইফালে গাড়ী চালক আৰু মালিক সন্থাই গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ফলত নগাঁৱৰ পৰা বিভিন্ন ঠাইলৈ যাতায়ত কৰা যাত্ৰী সকলকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অফিচ কছাৰীলৈ যোৱা ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে ৰাইজ। বহু লোক পুৱাৰ ভাগত অফিচলৈ বুলি ওলাই আহি গাড়ী নাপাই সমস্যাত পৰা দেখিবলৈ পোৱা গৈছে।