আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
২ অক্টোবৰ
গান্ধী জয়ন্তীৰ দিনা “কা” আন্দোলনৰ পাঁচ শ্বহীদক সোঁৱৰণ। “কা” আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিৰ তলৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা ‘ৰাইজৰ দল’লৈ আদৰণী বিভিন্ন দল-সংগঠনৰ।
শিৱসাগৰত গান্ধী জয়ন্তীৰ দিনাই “কা” আন্দোলনৰ পাঁচ শ্বহীদৰ প্ৰতিচ্ছবিৰ তলৰ পৰাই শ্ৰদ্ধা নিবেদি কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত সত্তৰ সংগঠনৰ নৱ গঠিত ‘ৰাইজৰ দল’ৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগবঢ়ালে বিভিন্ন দল-সংগঠনে। উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাই শুকুৰবাৰে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰি আলিত বিভিন্ন দল-সংগঠনৰ উদ্যোগত “কা” আন্দোলনত চৰকাৰী শাসন যন্ত্ৰৰ গুলী বুকুত লৈ মৃত্যু হোৱা পাঁচ শ্বহীদক স্মৰণ কৰে। পাঁচ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গান্ধী জয়ন্তী উদযাপনৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ দেশত কেৱল গান্ধীবাদ চলিব বুলি স্পষ্ট কৰি শ্ৰদ্ধা জ্ঞাপনকাৰী সকলে কয় যে ভাৰতত কোনো ফেচিবাদ অথবা হিটলাৰী শাসন নচলে৷ ভাৰতত কেৱল গান্ধীৰ আদৰ্শত সত্য, ন্যায় আৰু সমাজবাদ চলিব। গান্ধী জয়ন্তীৰ দিনা অসমৰ ৰাইজে ফেচিবাদী বিজেপি দলক ওফৰাই নিয়াৰ প্ৰতিশ্ৰুতি লৈছে বুলি হুংকাৰ দি ছাত্ৰ নেতা জিন্টু মেছে কয় যে আজিৰ অসম আৰু অসমীয়া বিজেপি দলৰ হিটলাৰী শাসনত অতিষ্ঠ বাবেই গান্ধী জয়ন্তীৰ দিনা ৰাইজে জাতীয়তাবাদক সোঁৱৰণ কৰি “কা” আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰিছে বুলিও মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সত্তৰ সংগঠনে গঠন কৰা ৰাজনৈতিক দল ‘ৰাইজৰ দল’ক শিৱসাগৰৰ পৰা আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত অসমৰ পৰা বিজেপি দলক উৎখাত কৰিবলৈ সকলো জাতীয়তাবাদী শিৱিৰ একত্ৰিত হোৱাৰ দৰকাৰ আছে বুলিও দল-সংগঠন সমূহে পোষকতা কৰে।