আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰৰ

৩ অক্টোবৰ

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শিৱসাগৰ আগমণৰ সময়ত আছুৰ উত্তাল প্ৰতিবাদ। জিলাখনৰ সামুহীক উন্নয়নৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলংকাৰীৰো উচিত তদন্তৰ দাবী।

শিৱসাগৰত অনুস্থিত অসম ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহ সভালৈ শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অহাৰ প্ৰাক মূহুৰ্তত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ শিৱসাগৰ জিলাৰ সৰ্বাঙ্গীণ উন্নয়ণৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে৷ শিৱসাগৰ জিলাক পৰ্যটন জিলাৰূপে গঢ়ি তোলা, ৰাজীৱ গান্ধী পেট্ৰলিয়াম শিক্ষানুষ্ঠান পূৰ্ণকালীনভাৱে আৰম্ভ কৰা, ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পূৰ্ণ পাঠ্যক্ৰম আৰম্ভ কৰা, জয়মতী ক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, শিৱসাগৰত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা, ৰংঘৰৰ লাইট-চাউণ্ড নিৰ্মাণ সম্পূৰ্ণ কৰা, স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ নামত এক অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰা আদি বিভিন্ন দাবী লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত ধৰ্মঘট পালন কৰি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

প্ৰতিবাদস্থলীৰ পৰাই জিলা উপযুক্তৰ জৰিয়তে শিৱসাগৰ জিলাৰ বিভিন্ন উন্নয়ন মূলক কাৰ্য ৰূপায়ন কৰাৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবী সন্নিবিষ্ট এখন স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই৷