আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩ অক্টোবৰ

নআগন্তুক ২০২১ ত হবলগীয়া বিধানসভাৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ তৎপৰতা বাঢ়িছে। ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে দ্বিতীয় বাৰৰ বাবে পুনৰ দিছপুৰৰ গাদী দখল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে শাসনাধিষ্ঠিত বিজেপি দলে।

ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ অএনজিচি কলনীস্থিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা মুকলি মঞ্চত শনিবাৰৰ পৰা শাসনাধিষ্ঠিত বিজেপি দলৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰম্ভ হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্রথম দিনাৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ভাৰতীয় জনতা পাৰ্টীৰ নবনিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ফণী ভুষণ শৰ্মা, ৰাজ্যিক মন্ত্ৰী যোগেন মোহন, মুখপাত্ৰ জয়ন্ত দাস আদিকে ধৰি বহুকেইজন সাংসদ, মন্ত্ৰী আৰু বিধায়ক অংশগ্ৰহণ কৰে। মূল সভা আৰম্ভ হোৱাৰ পূৰ্বে পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে।উল্লেখযোগ্য যে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসমৰ ৩৯ টা সাংগঠনিক জিলাৰ পৰা ৪ জনকৈ প্ৰতিনিধি আৰু প্ৰতিখন জিলাৰ পৰা ২ গৰাকীকৈ যুৱতীয়ে অংশগ্ৰহণ কৰিছে এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত।

বর্তমান ৰাজনৈতিক পেক্ষাপট, আগন্তুক ২১ ৰ বিধান সভা নিৰ্বাচন, চ’ছিয়েল মিডিয়া ইত্যাদি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হ’ব এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যুৱ মৰ্চাৰ সদস্য সকলক উৎসাহিত কৰাৰ লগতে বিজেপি চৰকাৰে কৰা উন্ধয়ণমূলক কামৰ বাবে ৰাইজে পুনৰ দলক শাসনলৈ আনিব বুলি আশা প্ৰকাশ কৰে।