ভূপেনদাৰ নামত উছৰ্গা ধলা-শদিয়া সেতু

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ মেঃ এছিয়াৰ দ্বিতীয়খন তথা দেশৰ দীৰ্ঘতম ধলা-শদিয়া দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। কটকটীয়া নিৰাপত্তাৰ মাজত ১০.০৫ বজাত মোদী ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে ধলালৈ ৰাওনা হয়। কেন্দ্ৰৰ তিনিবছৰীয়া আৰু অসমত বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯.১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ দলংখন উদঘাটন কৰি কিছুসময় কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, অসমৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত দলংখনত খোজকাঢ়ি ইয়াৰ নৈসৰ্গিক পৰিবেশ উপভোগ কৰে৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভাত অংশগ্ৰহণ কৰি ধলা-শদিয়া দলংখন দেশখনৰ আন্তঃগাঁথনিৰ দিশত আটাইতকৈ মহত্বপূৰ্ণ প্ৰকল্প বুলি  মন্তব্য কৰে। তেওঁ ধলা-শদিয়া সেতু মুকলি অনুষ্ঠানক এক উৎসৱ ৰূপে অভিহিত কৰি সকলোকে ম’বাইল ফোন অন কৰি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। অসমৰ  সৈতে সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ মোদীয়ে কয় যে মই কৃষ্ণৰ জন্মভূমি দ্বাৰকাৰ সন্তান আৰু ৰুক্মিণীৰ কুণ্ডিল নগৰলৈ আহিছো। শদিয়াৰ লগত ভগৱান কৃষ্ণৰ সম্পৰ্ক  আছে। তেওঁ লগতে কয় যে, অটল বিহাৰী চৰকাৰৰ সময়ত অনুমোদন দিয়া হৈছিল এই দলং। সেই সময়ৰ বিধায়ক জগদীশ ভূঞাই অনুৰোধ কৰিছিল দলংখনৰ বাবে৷ কিন্তু কংগ্ৰেছৰ বাবেই দলং নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল৷ ২০০৪ চনৰ বাজপেয়ীয়ে পুনৰ চৰকাৰ গঠন কৰিব পাৰিলে এটা দশক পূৰ্বে এই দলং সম্পূৰ্ণ হ’লহেঁতেন। যিয়েই নহওঁক, আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীয়ে যি সপোন দেখিছিল সেই সকলো সপোনক বাস্তৱ ৰূপ দিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ড’নাৰ মন্ত্ৰী চি পি ঠাকুৰৰ অনুমোদন মৰ্মে ২০১১ চনত ৰাজ্যৰ তদানীন্তন চৰকাৰৰ সহযোগত হায়দৰাবাদৰ নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে এই দলংখন। প্ৰায় ১০ হাজাৰ কোটি টকাৰ ব্যয়ৰ বিনিময়ত নিৰ্মিত ৯.১৫ কি.মি.ৰ এই দলংখনে অসম আৰু অৰুণাচলৰ মাজৰ দূৰত্ব ১৬৫ কি.মি. হ্ৰাস কৰিছে৷ তেওঁ বহু প্ৰত্যাশিত এই দলংখনক ডঃ ভূপেন হাজৰিকাৰ নামত উছৰ্গা কৰে৷ মোদীয়ে লগতে কয় যে, অসমৰ উন্নয়ন মানেই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মানে ভাৰতৰ উন্নয়ন। উত্তৰ পূৰ্বাঞ্চলত যি ধন দিয়া হৈছে সেয়া এখন ৰাজ্যক দিয়া হোৱা নাই। দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অধিক ধন খৰচ কৰাৰো কথা ব্যক্ত কৰে৷ ব্ৰহ্মপুত্ৰৰ পৰাই দেশৰ নদী পথৰ সম্প্ৰসাৰণ কৰা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ ৰে’ললাইন সম্প্ৰসাৰণ কৰাৰ লগতে দেশৰ পৰ্যটনৰ বাবেই উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব দিয়া হৈছে বুলি মোদীয়ে উল্লেখ কৰে৷ বিজেপি চৰকাৰখনৰ প্ৰতি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সঁহাৰিৰ কথা উল্লেখ কৰি মোদীয়ে অসমবাসীক ধন্যবাদ জনাই কয় যে অঞ্চলটোৰ উন্নয়নৰ বাবে মোদী চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগন্তুক ২০১৯ চনৰ ভিতৰত ৰাজ্যৰ আটাইবোৰ গাঁও পথেৰে সংযুক্ত কৰাৰ কথা উল্লেখ কৰি ইতিমধ্যে প্ৰায় ৯০০০ কিল’মিটাৰ পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে দেশৰ ভিতৰত দীৰ্ঘতম দলংখনত উঠি চোৱাৰ হেঁপাহত শদিয়াৰ পৰা ধুবৰীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ লক্ষাধিক লোকৰ ধলাৰ জি’ৰ পইণ্টত পুৱা প্ৰায় ৬.৩০ বজাৰ পৰা সমাগম হয়৷ এই অনুষ্ঠানৰ পিছতে মোদীয়ে এইমছ আৰু কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখ্য যে, ৬৮৭ একৰ মাটিত স্থাপন হ’বলগীয়া কৃষি গৱেষণা প্ৰতিষ্ঠানটোৰ নামত ১৫৫ কোটি টকা ব্যয় হ’ব বুলি কেবিনেটত ধাৰ্য কৰা হৈছিল। বিয়লি গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে অংশগ্ৰহণ কৰিব।