জোনমণি বেগম

বিশ্বনাথ

২৮ নৱেম্বৰ

মুখ্যমন্ত্ৰীক তুলাধুনা এজন যুৱনেতাৰ। বিদেশীক সংস্থাপনৰ বাবে স্বদেশীক গুলিয়াই হত্যা কৰা এইখন প্ৰথম চৰকাৰ। ইতিহাস নাজানে মূখ্যমন্ত্ৰীয়ে। কেলেংকাৰী ঢাকিবৰ বাবে মোগলক আজুৰিছে মুখ্যমন্ত্ৰীয়ে।

বিশ্বনাথত গঠন কৰা হ’ল ৰাইজৰ দলৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি। বিশ্বনাথ চাৰিআলিস্থিত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই আহ্বায়ক সমিতি গঠনৰ কাৰ্যসূচী। আহ্বায়ক সমিতি গঠন কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যিক আহ্বাহক ড° হৰি কান্ত দাসৰ স্পষ্ট ঘোষণা ৰাইজে ২০২১ ত বিজেপিক ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব কাৰণ উত্তৰ প্ৰদেশতকৈও ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে অসমত। সৃষ্টি কৰিব পৰা নাই চাকৰি নিযুক্তি অথচ অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু গ্ৰামোন্নয়ন দৰে গুৰুত্বপূৰ্ণ বিভাগৰ নিযুক্তিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। এই কেলেংকাৰী ঢাকিবৰ বাবে মোগলৰ প্ৰসংগ আনিছে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ ইতিহাস নাজানে মূখ্যমন্ত্ৰীয়ে। সমান্তৰালকৈ “কা” আন্দোলনৰ সময়ত এঘন্টাত ৫ জনকৈ স্বদেশীক গুলিয়াই হত্যা কৰিলে বিদেশীক সংস্থাপন কৰিবৰ বাবে। এইখনেই প্ৰথম চৰকাৰ য’ত বিদেশীক সংস্থাপনৰ বাবে স্বদেশীক গুলিয়াই হত্যা কৰা হয় বুলিও মন্তব্য কৰে ড° হৰি কান্ত দাসে। ইফালে এই আহ্বায়ক সমিতি গঠন কৰা মূহুৰ্তত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বাহক দিবাশ ফুকন, পুলিন ভট্টাচাৰ্য, ড° হৰি কান্ত দাস। আহ্বায়ক সমিতিত গহপুৰৰ বিহালী আৰু বিশ্বনাথৰ বহু জাতীয় দল-সংগঠনৰ নেতাক সামৰি ১০১ জনীয়া বিশ্বনাথ জিলা আহ্বায়ক সমিতি গঠন কৰা হয়।

আহ্বায়ক সমিতিখনে অনাগত দিনত বিশ্বনাথ জিলাত ৰাইজৰ দল পূৰ্ণ পৰ্যায়ত সমিতি সমূহ গঠন কৰি সাংগঠানিক দিশ অধিক শক্তিশালী কৰিব আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ বাবে এতিয়াৰ পৰাই আপ্ৰান প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে ড° হৰি কান্ত দাসে।