বাক্সা

২৮ নৱেম্বৰ

সমউন্নয়ণ আৰু সমবিকাশৰ স্বাৰ্থত একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰ ১৬ টা জনগোষ্ঠীয় সংগঠন। শনিবাৰে দিনৰ ১১ বজাৰ পৰা তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত ১৬ টা জনগোষ্ঠীৰ সংগঠনে মিলি এক বিশাল জনসভাৰ আয়োজন কৰে।

সভাত সকলো সংগঠনৰ মুৰব্বীয়ে এক মুখেৰে বিটিআৰৰ সকলো জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। সভাত নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে কয় যে বিটিআৰৰ চুক্তিয়ে কোনো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ কাঢ়ি নলয়। বিটিআৰৰ চুক্তিৰ আধাৰত বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীক ভূমিৰ নিৰাপত্তা প্ৰদান কৰা হ’ব। বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষনত বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ চুক্তিৰ অপব্যাখ্যা কৰি আহিছে।

বিটিআৰৰ নিৰ্বাচনৰ পৰবৰ্তী সময়ত সকলো জনগোষ্ঠীৰ ভূমি অধিকাৰ, সমবিকাশ, সমউন্নয়নৰ দায়িত্ব এবছুৰ লগতে ১৬ টা জনগোষ্ঠীৰ সংগঠনৰ মুৰব্বীয়ে ল’ব বুলি ৰাইজক আচ্ছাক প্ৰদান কৰে দ্বীপেন বড়োৱে।