মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৭ নৱেম্বৰ

বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ২ নং ভোমৰাবিলত এআইইউডি এফ দলৰ কৰ্মী সভা। সভাত উপস্থিত থাকি ইউডিএফ দলৰ গোসাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰৰ দাবী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ জয় নিশ্চিত।

কোকৰাঝাৰ জিলাৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ২ নং ভোমৰাবিল গাঁৱত এআইইউডিএফ দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়৷ এআইইউডিএফ দলৰ গোসাইগাঁও জিলা সমিতিৰ উদ্দোগত আয়োজিত কৰ্মী সভাত প্ৰায় এহেজাৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। কৰ্মী সভাত সভাপতিত্ব কৰে এআইইউডিএফ দলৰ গোসাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল জলিল মিঞাই৷ কৰ্মী সভাত এআইইউডিএফ দলৰ গোসাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰে অংশগ্ৰহণ কৰি কয় যে শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা এআইইউডিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী সজল কুমাৰ সিংহক বিপুল ভোটত জয়ী কৰাবলৈ এআইইউডিএফ দলৰ প্ৰতিজন কৰ্মীয়ে দিনে নিশা একাকাৰ কৰি কাম কৰি যাব লাগিব৷ সাম্প্ৰদায়িক দল বিজেপিক অসমৰ বুকুৰ পৰা বিদায় দিয়াৰ লক্ষ্যৰে কংগ্ৰেছ আৰু এআইইউ ডিএফ দল একএি হৈছে সেয়ে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ কৰ্মী-সমৰ্থক সকলে হাতে হাতে হাত মিলাই আগৱাঢ়ি যাব লাগিব৷ বিপিএফ দলৰ ১৭ বছৰীয়া শাসন ৰাইজে দেখিলে, একো উন্নয়ণ নহ’ল অকল দুৰ্নীতি হ’ল৷ এই বেলি বিটিচিৰ চৰকাৰ গঠনত কংগ্ৰেছ এআইইউডিএফ দলে কিংমেকাৰৰ ভুমিকা গ্ৰহণ কৰাটো নিশ্চিত৷।

শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা এআইইউডিএফ দলৰ সমৰ্থিত সজল কুমাৰ সিংহৰ জয় নিশ্চিত বুলি দাবী কৰে এআইইউডিএফৰ নেতা খাইৰুল আনাম খন্দকাৰে৷ কৰ্মী সভাত শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল সিংহৰ লগতে দুটা দলৰে ভালেসংখ্যক নেতা-নেএী উপস্থিত থাকে।