গুৱাহাটী

১ জানুৱাৰী

ডঃ দিব্যজ্যোতি শইকীয়ালৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কার্যলয় অৱস্থিত বিশ্ব সংবিধান সংসদ সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আন্তঃৰাষ্ট্ৰীয় সদস্য পদ প্ৰদান। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়া।

২০২০ বৰ্ষটো বিশ্ববাসীৰ বাবে আছিল এক জটিল সময়। কৰ’ণা মহামাৰীয়ে জুৰুলা কৰি কৰি তুলিছে বিশ্ববাসীৰ জীৱন যাপন। কৰ’ণা মহামাৰীৰ এই কঠিন পৰিস্থিতিত মানৱ জাতিৰ সেৱাৰ অৰ্থে ওলাই আহিছিল বহু লোক। এই লোক সকলৰ মাজৰে এগৰাকী হ’ল অসমৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়া। কৰ’ণা মহামাৰীৰ সময়ছোৱাত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকক ভিন্ন প্ৰকাৰে সহায় কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজক নিৰ্ভয় প্ৰদানৰ উপৰি ৰেদিঅ, দূৰদৰ্শন, ব্যক্তিগত ইলেক্ট্ৰনিক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমেৰে অন্ধবিশ্বাস আৰু উৰাবাতৰিৰ বিৰুদ্ধে তথা সুস্থ বাতাবৰণৰ হেতু বিশ্লেণাত্মক আৰু প্ৰেৰণাত্মক বার্তাৰে মানৱ জাতিক উদ্দেশ্যি আগবঢ়োৱাই অহা সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰায় ২৫ টা সংগঠন তথা সংস্থাই কৰ’ণা যোদ্ধা সন্মানেৰে সন্মানিত কৰিছে অসমৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক। ২০২০ বৰ্ষত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা লাভ কৰা ডঃ দিব্যজ্যোতি শইকীয়াক আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কার্যলয় অৱস্থিত বিশ্ব সংবিধান সংসদ সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সুৰক্ষা আয়োগে প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় সদস্য পদ।

উল্লেখ্য যে, বিগত দুটা দশক ধৰি সামাজিক কৰ্মৰ জৰিয়তে শান্তি, মানৱতা আৰু মানৱধিকাৰৰ হকে দীৰ্ঘদিনীয়া সংগ্ৰামৰে সেৱা আগবঢ়াই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ লগতে দেশৰ নাম উজ্জলবলৈ সক্ষম হৈছে অসমৰ ডঃ দিব্যজ্যোতি শইকীয়াই। অসম, দেশ তথা মানৱ জাতিৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্য ৭০ তাতকৈ অধিক বঁটা, সন্মান উপাধি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ডঃ দিব্যজ্যোতি শইকীয়াই।