লংকা, ৩১ মেঃ হোজাইৰ লংকাৰ নৱজ্যোতি জুনিয়ৰ কলেজে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। এই বছৰ নৱজ্যোতি জুনিয়ৰ কলেজে কলা শাখাত প্ৰায় ৯৭% উৰ্ত্তীণ হাৰেৰে গ্ৰাম্য অঞ্চলটোত আশাৰ বতৰা কঢ়িয়াই আনে। উল্লেখযোগ্য যে, অসমীয়া, শিক্ষা, ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ সহ মহাবিদ্যালয়খন ১৫৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫১ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু কমলেশ্ব যাদৱে লংকা ভিতৰত সৰ্বোচ্চ ৯০.৬ শতাংশ নম্বৰ লাভ কৰে। একেদৰে নিকিতা শ্বীলে ৯০ শতাংশ লাভ কৰে৷ এই ফলাফলৰ পিছতে উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অধ্যাপক তথা শৈক্ষিক মহল। লংকা অঞ্চললৈ নৱজ্যোতি জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে কঢ়িওৱা সফলতাত হোজাই জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাছিম আহমেদ, লংকা আঞ্চলিক ছাত্ৰ সন্থাই শুভেচ্ছা জনাইছে।  ।