ধুবুৰী
১২ ফেব্ৰুৱাৰী
অলপতে ধুবুৰী জিলাৰ গুলোকগঞ্জৰ অন্তৰ্গত আগমনিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক মুখ্য অতিথি হিচাপে লৈ তিনিটাকৈ গম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
যোৱা ৭ ফেব্ৰুৱাৰীত আগমনিৰ বেলগুৰি উচ্চতৰ মাধ্যমিক খেল পথাৰ প্ৰাংগণত ধুবুৰী জিলা বিকলাংগ সুৰক্ষা সমিতিৰ উদ্যোগত বিশেষভাৱে শাৰীৰিক সক্ষম লোকসকলৰ এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানবাধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে কোনো লোকে বিশেষভাৱে জন্ম হোৱাটো কোনো পূৰ্বজন্মৰ ফল বা পাপৰ ফল হোৱা বুলি নুবুজায়। বিভিন্ন ধৰণৰ বৈজ্ঞানিক কাৰণৰ ফলত বা আন কোনো স্বাস্থ্যজনিত কাৰকৰ লগতে বাল্য বিবাহৰ ফলত এনে হোৱাৰ থল নথকা নহয় বুলি ডঃ শইকীয়াই উল্লেখ কৰে। স্থানীয় সমাজ সেৱক আমিনোৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত গুলোকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ উপস্থিত থকা উক্ত সভাত মূখ্য অতিথি ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে দিব্যঙ্গ লোক সকলৰ কোনো কোনো অংগত জটিলতা থাকে যদিওবা তেনে লোক আন কোনো কোনো ক্ষেত্ৰত বিশেষ মেধসম্পন্ন হয়। মানবীয়তাৰ দিশত আমি সকলোৱে তেনে লোকক আদৰ সাদৰ কৰা উচিত বুলি ডঃ দিব্যজ্যোতি শইকীয়াই দোহাৰে। আনহাতে আগমনিত যোৱা ৮ আৰু ৯ ফেব্ৰুৱাৰীত আগমণি উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটাকৈ প্ৰেৰণাত্মক বক্তৃতা নুষ্ঠানত ভাগ লয় ডঃ দিব্যজ্যোতি শইকীয়াই।
বিশিষ্ট প্ৰেৰণাত্মক বক্তা তথা শান্তি কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অন্ধবিশ্বাস, সম্প্ৰদায়িকতা, যুৱ উশৃংখলতা আদিৰ বিৰুদ্ধে তথা শান্তি, শৃংখলা, সম্প্ৰীতি, মানৱতা আৰু প্ৰকৃত গুণগত শিক্ষাৰ ওপৰত বিস্তৃতভাৱে প্ৰেৰণাত্মক বক্তব্য আগবঢ়ায়। তিনিওটি অনুষ্ঠানতেই গুলোকগঞ্জৰ সমাজ কৰ্মী জাকিৰ হুছেইন চৰকাৰে ডঃ শইকীয়াৰ বক্তব্যক সৰোগত কৰি যুৱ প্ৰজন্মক আগবাঢ়িবলৈ আহ্বান জনায়।