কুন্দন ভৰালী

নগাঁও
১২ ফেব্ৰুৱাৰী

কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ সন্দৰ্ভত মাত মাতিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। অখিল গগৈক বন্দী কৰি বিজেপিয়ে মানৱ অধিকাৰ উলংঘা কৰিছে বুলি মন্তব্য ৰিপুন বৰাৰ। নগাঁৱৰ পৰা কংগ্ৰেছৰ ‘অসম বচাওঁ আহক’ কাৰ্য্যসূচী অন্তৰ্গত বাছ যাত্ৰা আৰম্ভ।

সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত শাসকীয় বিজেপি দলৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে ‘অসম বচাওঁ আহক’ কাৰ্য্যসূচী। শুকুৰবাৰে নগাঁও জিলাৰ ধিং গেটৰ পৰা সমগ্ৰ অসম ভ্ৰমণৰ উদ্দেশ্যে কংগ্ৰেছ দলে ‘অসম বচাওঁ আহক’ বাছ যাত্ৰা আৰম্ভ কৰে। কংগ্ৰেছৰ বাছ যাত্ৰা শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ বাছ যাত্ৰা আৰম্ভণি কাৰ্যসূচীত। অসমক বিজেপিৰ পৰা উদ্ধাৰ কৰিবলৈ কংগ্ৰেছ সংকল্পবদ্ধ বুলি মন্তব্য কৰে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কটাক্ষ কৰে শাসকীয় দল বিজেপিক।

বিজেপিয়ে অসমখন বিক্ৰী কৰি দিয়া বুলি উল্লেখ কৰি বিজেপিৰ পৰা অসমক বচোৱাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে ‘অসম বচাওঁ আহক’ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰি ৰিপুন বৰাই কয় বিজেপিয়ে অখিল গগৈক বন্দী কৰি উলংঘা কৰিছে মানৱ অধিকাৰ আইন।